গুৱাহাটী, ২০ ডিচেম্বৰঃ ইংলেণ্ডৰ এগৰাকী মহিলাৰ বিয়াই বৰ্তমান সামাজিক মাধ্যমত শিৰোনাম দখল কৰিছে। দৰাচলতে, এই মহিলাৰাকীয়ে মানুহৰ পৰিৱৰ্তে এজোপা গছৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল আৰু গছজোপাক স্বামী হিচাপে স্বীকৃতি দিছিল। মহিলাগৰাকীয়ে তেওঁৰ মনে বিচৰা এজন সঙ্গীৰ সকলোখিনি গছজোপাৰ মাজত পাইছিল। মহিলাগৰাকীয়ে তিনি বছৰ আগতে গছজোপাৰ প্ৰেমত পৰি বিবাহ পাশত আৱদ্ধ হৈছিল আৰু তেওঁ অতি আনন্দৰে গছজোপাৰ সৈতে বৈবাহিক জীৱন অতিবাহিত কৰিছে।
কেট কানিংহাম নামৰ মহিলাগৰাকীয়ে এই ঘটনা সন্দৰ্ভত কয় যে, "মই ৩ বছৰ আগতে গছজোপাৰ প্ৰেমত পৰি বিবাহ পাশত আৱদ্ধ হৈছিলো। বৰ্তমান মই গছজোপাৰ পৰা জীৱনৰ বহুত সুখ, সন্তুষ্টি লাভ কৰিছোঁ। আমাৰ দুয়োৰে জীৱন নিখুঁত হৈ আছে। অৱশ্যে, মানুহে এতিয়াও আমাৰ বিয়াৰ কথা শুনিলে আচৰিত হয় আৰু বহুতে প্ৰশ্নও সুধি থাকে। কিন্তু মই সকলোকে ক'ব বিচাৰে যে মোৰ বৈবাহিক জীৱন অতি আনন্দৰে চলি গৈ আছে।"
কেটে ২০১৯ চনত গছজোপাৰ প্ৰেমত পৰি পিছত বিয়া কৰাইছিল। কেটে সপ্তাহত ৫ বাৰ তেওঁৰ স্বামীক চাবলৈ যায়। ইয়াৰ লগতে কেটে তেওঁৰ স্বামীক খ্ৰীষ্টমাছৰ প্ৰাকক্ষণত আলংকাৰিক সামগ্ৰীৰে সজাব বুলি জানিব পৰা গৈছে। কেট ৰেমৰ্ছ ভেলী কাউণ্টি পাৰ্কৰ এজোপা গছৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। আটাইতকৈ আশ্চৰ্যজনক ভাৱে, কেটে তেওঁৰ উপাধিও সলনি কৰিছে আৰু শ্ৰীমতী এল্ডাৰ হিচাপে ৰাখিছে।
Comments