Classifieds
View All
গুৱাহাটী, ২০ ডিচেম্বৰঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) মুৰব্বী মোহন ভাগৱতে সোমবাৰে তিব্বতৰ আধ্যাত্মিক গুৰু দালাই লামাক মেকল'ডগঞ্জ ভ্ৰমণৰ সময়ত সাক্ষাৎ কৰে। ভাগৱতৰ দালাই লামাৰ সৈতে এই সাক্ষাৎ কেৱল এক সৌজন্য সাক্ষাৎ বুলি ধৰ্মীয় গুৰুজনৰ কাৰ্যালয়ৰ এজন বিষয়াই জানিবলৈ দিয়ে।
ইপিনে, তিব্বত চৰকাৰে প্ৰকাশ কৰা এখন ছবিত দেখিবলৈ পোৱা গৈছে যে আৰ এছ এছ প্ৰধান ভাগৱতে দালাইলামাক এটা গণেশৰ মূৰ্তি উপহাৰ দিছিল। ক'ভিড মহামাৰীৰ প্ৰাদুৰ্ভাৱ আৰম্ভ হোৱাৰ পিছত আধ্যাত্মিক গুৰুজনৰ সৈতে এইখন প্ৰথম উচ্চ-পৰ্যায়ৰ বৈঠক আছিল। আৰ এছ এছ ৰ মুৰব্বীজনে ১৬ ডিচেম্বৰত ৫ দিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে কাংৰালৈ গৈছে।
Comments