গুৱাহাটী,২০ ডিচেম্বৰ:ৰাষ্ট্ৰীয় ৰাজধানীত ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত মহল্লা ক্লিনিকত 'কফ চিৰাপ' সেৱন কৰাৰ ফলত তিনিটা শিশুৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে।স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ প্ৰতিবেদন অনুসৰি মুঠ ১৬ জন শিশুক কালাৱতী চৰণ শিশু চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যাৰ ভিতৰত তিনিজনৰ মৃত্যু হৈছিল।
"নতুন দিল্লীৰ কালাৱতী চৰণ শিশু চিকিৎসালয়ত ডেক্সট্ৰোমেথাৰফেনৰ বিষক্ৰিয়াৰ ফলত ১৬ টা ঘটনা অপ্ৰত্যাশিত ঘটনা সংঘটিত হৈছে, যাৰ ভিতৰত তিনিটা শিশুৰ চিকিৎসালয়ত মৃত্যু হৈছিল।"
পত্ৰখনত, ডিজিএইচএছে দিল্লী চৰকাৰক সকলো ঔষধালয় আৰু মহল্লা ক্লিনিকক চাৰি বছৰতকৈ কম বয়সৰ শিশুৰ বাবে ডেক্সট্ৰোমেথাৰফেন প্ৰদান নকৰিবলৈ জাননী জাৰি কৰিবলৈ কৈছে।
আইএএনএছৰ সৈতে বাৰ্তালাপ কৰি এইমছ পাটনাৰ শিশু ৰোগ বিশেষজ্ঞ ডাঃ চন্দ্ৰ মোহন কুমাৰে কয়, "যদিও পাঁচ বছৰতকৈ কম বয়সৰ শিশুৰ ক্ষেত্ৰত ঔষধটো ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়া হোৱা নাই, তথাপিও ইয়াক ব্যৱহাৰ কৰা হৈছে আৰু ইয়াৰ সাধাৰণ চিএনএছ পাৰ্শ্বক্ৰিয়া যেনে দৃষ্টিশক্তি অস্পষ্ট হোৱা, টোপনি যোৱা, অস্থিৰতা আৰু খজুৱতি এইবোৰ দেখা পোৱাটো সাধাৰণ আছিল কিন্তু কেতিয়াও এনে ধৰণৰ ভয়ানক পাৰ্শ্বক্ৰিয়া পোৱা নাছিল।প্ৰতিবেদনবোৰৰ অধিক অনুসন্ধান হ'ব পাৰে।"
Comments