গুৱাহাটী, ১৮ ডিচেম্বৰঃ ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ ইভেণ্টৰ সময়ত এজন বিজেপি সাংসদে এজন মল্ল যুঁজাৰুক চৰ সোধোৱাৰ খবৰ পোৱা গৈছে। ভাৰতীয় মল্লযুদ্ধ সন্থাৰ সভাপতি ব্ৰজভূষণ শৰণ সিঙে মঞ্চ এৰি যোৱাৰ পূর্বে মল্ল যুঁজাৰুজনক দুবাৰকৈ চৰ মাৰিছিল।
লোকসভাত উত্তৰ প্ৰদেশৰ কাইজাৰগঞ্জ সমষ্টিক প্ৰতিনিধিত্ব কৰা সিঙে ৰাঁচীৰ শ্বহীদ গণপত ৰায় ইণ্ডোৰ ষ্টেডিয়ামত অনুৰ্ধ-১৫ ৰাষ্ট্ৰীয় মল্লযুদ্ধ চেম্পিয়নশ্বিপ প্ৰতিযোগিতাৰ প্ৰথম দিনা মুখ্য অতিথি হিচাপে উপস্থিত আছিল বুলি জানিব পৰা গৈছে
ইপিনে, মল্লযুঁজাৰুজনৰ বয়স অতিৰিক্ত হোৱাৰ বাবে প্ৰতিযোগিতাখনত তেওঁক অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল। পৰৱৰ্তী সময়ত মল্লযুঁজাৰুজনে বিজেপি সাংসদ ব্ৰজভূষম শৰণ সিঙক অনুৰ্ধ-১৫ মল্লযুদ্ধ প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ অনুমতি বিচাৰি থকাত বিজেপি সাংসদ গৰাকীয়ে নিজৰ বিবেকৰ ওপৰত নিয়ন্ত্রণ হেৰুৱাই তেওঁৰ দুটা চৰ সোধাইছিল।
Comments