গুৱাহাটী, ২২ ডিচেম্বৰঃ ছানী দেউল আৰু আমিশা পেটেলৰ 'গাদাৰ ২' ৰ দৃশ্যগ্ৰহণ আৰম্ভ হোৱাৰ লগে লগে চিনেমাখন বিতৰ্কত সাঙোৰ খাই পৰিছে। ছবিখন যোৱা ১০ দিন ধৰি কাংৰাৰ পালমপুৰৰ মাহাদ গাঁৱত দৃশ্যগ্ৰহণ কৰা হৈছিল। য'ত এই দুয়োগৰাকী তাৰকাৰ বাহিৰে, অন্য কলা-কুশলী সকলেও দৃশ্যগ্ৰহণ কৰিবলৈ আহিছিল। কিন্তু বৰ্তমান দৃশ্যগ্ৰহণ কৰা ঘৰটোৰ গৰাকীয়ে ছবিখনৰ নিৰ্মাতাসকলক টকা নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে।
'গাদাৰ ২' বোলছবিখনৰ দৃশ্যগ্ৰহণ মাহাদ গাঁৱত দেশ ৰাজ শৰ্মাৰ ঘৰত আৰম্ভ হৈছিল। এই ঘৰৰ মালিকে এতিয়া নিৰ্মাতাসকলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যে, "কোম্পানীটোৱে এতিয়া দৃশ্যগ্ৰহণৰ পিছত মালিকক যিমান টকা দিব লগা হৈছিল সিমান টকা দিবলৈ অস্বীকাৰ কৰিছে।" ঘৰৰ মালিকে লগতে দাবী কৰিছিল যে, "ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে মাত্ৰ ৩ টা কোঠা আৰু এটা হল ব্যৱহাৰৰ বাবে প্ৰতিদিনে ১১,০০০ টকা দিয়া হৈছিল।
সেয়েহে, দৃশ্যগ্ৰহণ হোৱা ঘৰটোৰ গৰাকীয়ে কৈছে যে, "'আমাক প্ৰতাৰণা কৰা হৈছে। যি প্ৰতিশ্ৰুতি দিয়া হৈছিল সেয়া পূৰণ কৰা হোৱা নাছিল। আমাক কোম্পানীয়ে পৰিশোধ কৰা ১১,০০০ টকা তেওঁলোকক ঘূৰাই দিব বিচাৰো আৰু আমাৰ ঘৰৰ দৃশ্যগ্ৰহণ ছবিখনত ব্যৱহাৰ কৰিব নালাগে।" ইপিনে, ঘৰটোৰ গৰাকীয়ে সম্পূৰ্ণ বাজেট তৈয়াৰ কৰিছিল আৰু ক্ষতিসহ ৫৬ লাখ টকাৰ মাচুল আদায় দিয়াৰ বাবে দাবী জনাইছিল।
Comments