গুৱাহাটী, ২১ ডিচেম্বৰ : বিজেপিৰ শীৰ্ষ নেতৃত্বই তলৱ কৰাৰ পাছত দিল্লীত উপস্থিত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। অসম বিধানসভাৰ অধিবেশন চলি থকাৰ মাজতে মঙলবাৰে দিল্লী পাইছিলগৈ মুখ্যমন্ত্ৰী । দিল্লীত মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই জনাই যে অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে অসম-অৰুণাচলৰ সীমা বিবাদৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ উপস্থিতিত আলোচনাত মিলিত হৈছিল ।
মুখ্যমন্ত্ৰীগৰাকীয়ে আশা ব্যক্ত কৰে যে, অসম-মেঘালয় আৰু অৰুণাচলৰ মাজৰ দীৰ্ঘদিনীয়া সীমা বিবাদৰ এক সমাধান সূত্ৰ ওলাব । ইফালে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক নৱবৰ্ষ উদযাপনৰ সময়ত ৰাজ্যখনত কোনো ক'ভিড কেন্দ্ৰিক বাধা নিষেধ নাই বুলিও জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অসমত মাত্ৰ এটাই বাধা আছে । সেয়া হ’ল নতুন বছৰক আদৰাৰ নামত সুৰাপান কৰি কোনেও যান বাহন চলাব নোৱাৰিব ।
Comments