Classifieds
View All
গুৱাহাটী,২২ ডিচেম্বৰ:মঙলবাৰে বিধানসভাত ৰাজ্য চৰকাৰে হাজাৰ হাজাৰ কোটি টকা ঋণ লোৱা সন্দৰ্ভত অখিল গগৈয়ে উত্থাপন কৰা বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
তেওঁ কয় বিধানসভা আৰু ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি এখন চৰকাৰে সৰ্বাধিক ঘৰুৱা উৎপাদনৰ ৩.৫ শতাংশ ঋণ ল’ব পাৰে ।অখিল গগৈয়ে ঋণৰ পৰিমাণৰ কথা কৈ মানুহক বিপথে পৰিচালিত কৰা বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে, ৰাজ্যত ঘৰুৱা উৎপাদন বৃদ্ধি হোৱা হেতুকে ল’ব পৰা ঋণৰ পৰিমান বৃদ্ধি পাইছে । সেই কথা অখিল গগৈয়ে ঋণ লোৱা আৰু ঘৰুৱা উৎপাদনৰ কিমান শতাংশ ঋণ লৈছে স্পষ্টকৈ নকৈ টকাৰ পৰিমাণ উল্লেখ কৰি মানুহক বিপথে পৰিচালিত কৰিছে ।
Comments