গুৱাহাটী ঃ ষ্টাফ ৰিপ’র্ৰ, ২০ ডিচেম্বৰ ঃ ৰাজ্যৰ ছপা সংবাদ মাধ্যমত দীর্ঘদিন ধৰি সেৱা আগবঢ়াই অহা দৈনিক জনমভূমি কাকতক শ্রেষ্ঠ আঞ্চলিক বাতৰিকাকতৰ সন্মানেৰে সন্মানিত কৰা হৈছে৷ আজি এক আড়ম্বৰপূর্ণ অনুষ্ঠানত দৈনিক জনমভূমি কাকত গোষ্ঠীক ‘বিজু ফুকন স্বীকৃতি বঁটা’ প্রদান কৰে দ্য ৰয়েল এফেয়ার্ছ গ্রুপে৷ বিজু ফুকন ন্যাসৰ সহযোগত দ্য ৰয়েল এফেয়ার্ছ গ্রুপে প্রদান কৰা এই বঁটা সমাজৰ বিভিন্ন ক্ষেত্রত বিশেষ অৱদান আগবঢ়োৱা ব্যক্তিসকলক উৎসাহিত কৰাৰ উদ্দেশ্যেৰে আগবঢ়াই আহিছে৷
সংস্থাই আজি দিছপুৰৰ লোকনির্মাণ বিভাগৰ প্রশিক্ষণ কেন্দ্রৰ প্রেক্ষাগৃহত তৃতীয় বর্ষৰ বাবে ৩০টাকৈ বিভিন্ন শিতানত বিজু ফুকন স্বীকৃতি বঁটা প্রদান কৰে৷ দৈনিক জনমভূমি কাকতৰ সম্পাদক উৎপল বৰুৱাই প্রতিষ্ঠানৰ হৈ এই বঁটা গ্রহণ কৰে৷ প্রয়াত বিজু ফুকনৰ সহধর্মিণী ৰাজশ্রী ফুকনে আনুষ্ঠানিকভাৱে তেওঁৰ হাতত বঁটা প্রদান কৰে৷
বঁটা গ্রহণ কৰি বৰুৱাই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে দৈনিক জনমভূমি কাকতে যোৱা অর্ধশতিকা ধৰি ৰাজ্যৰ সংবাদ মাধ্যমলৈ আগবঢ়াই অহা সেৱাৰ সম্পর্কত ব্যক্ত কৰে৷ উল্লেখযোগ্য যে অসমীয়া ছবি জগতলৈ আগবঢ়োৱা অনৱদ্য অৱদানৰ বাবে বিশিষ্ট অভিনেতা নিপন গোস্বামীক এইবর্ষৰ জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হয়৷
একেদৰে ইন্দৰ সিঙলৈ যুৱ উদ্যমিতা বঁটা, ৰাহুল বাজাজলৈ উদ্যোগী বঁটা, জুবলী ফাউণ্ডেশ্যনলৈ বেচৰকাৰী সংস্থা বঁটা, সুৰেন ফুকনলৈ সমাজকর্মী বঁটা, হিমাংশু বৈশ্যলৈ যুৱ সমাজকর্মী বঁটা, ৰুণামণি কৌশিক আৰু মেধা গোপেলৈ হিতৈশী বঁটা, লাভলীনা বৰগোহাঁইলৈ ক্রীড়াবিদ বঁটা, পার্থ সাৰথি মহন্ত আৰু দেৱাশিস শর্মালৈ জনসেৱক বঁটা, প্রাগ নিউজলৈ বৈদ্যুতিন সংবাদ মাধ্যম বঁটা, ৱাছৱিৰ হুছেইনলৈ এক্সচেলেন্স ইন জার্নেলিজিম বঁটা,
বশিষ্ঠ দেৱ ফুকনলৈ প্রতিভাশালী সাংবাদিক বঁটা, টাইম ৮লৈ ডিজিটেল মিডিয়া বঁটা, এপ’ল’ হস্পিটেলৰ চিকিৎসক ডাঃ এলবার্ট খিয়াংটেলৈ শল্য চিকিৎসক বঁটা, আকাংক্ষা হস্পিটেলৰ চিকিৎসক ডাঃ ৰীতা ভূঞালৈ স্ত্রীৰোগ বিশেষজ্ঞ বঁটা, ৰহমান হস্পিটেলৰ ডাঃ এম এল এ ৰহমানলৈ স্নায়ুৰোগ বিশেষজ্ঞ বঁটা, ডাঃ শাৰদী শ্রীময়ীলৈ সংজ্ঞাহাৰক বিশেষজ্ঞ বঁটা, ৰূপক গগৈলৈ পৰিচালক বঁটা, আইমী বৰুৱালৈ প্রযোজক বঁটা, মধুমিতা শর্মালৈ থিয়েটাৰ প্রযোজক বঁটা, আদিল হুছেইনলৈ অভিনেতা বঁটা, উর্মিলা মহন্তলৈ অভিনেত্রী বঁটা, প্লাৱিতা বৰঠাকুৰলৈ অ’ টি টি অভিনেতা বঁটা আৰু আশ্বিক জামানলৈ লিখকৰ বঁটা আগবঢ়োৱা হয়৷
Comments