গুৱাহাটী, ২১ ডিচেম্বৰঃ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন ৬ ডিচেম্বৰত ভাৰত-ৰাছিয়া সন্মিলনত অংশগ্ৰহণ কৰিবলৈ নতুন দিল্লীত উপস্থিত হৈছিল। পুটিনে তেওঁৰ ভ্ৰমণৰ সময়ত ভাৰতক বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰ বুলি অভিহিত কৰিছিল। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে আৰু 'এছিয়া-প্ৰশান্ত মহাসাগৰীয়' অঞ্চলৰ পৰিস্থিতি সন্দৰ্ভত মত বিনিময় কৰে। ৰাছিয়াই প্ৰায়ে ইণ্ডো-পেচিফিক অঞ্চলক এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চল বুলি কয়।
এই বিষয় সন্দৰ্ভত ৰাছিয়াৰ এগৰাকী বিষয়াই কৈছিল, "দুয়োদেশৰ নেতা দুগৰাকীয়ে ৬ ডিচেম্বৰত পুটিনৰ ভাৰত ভ্ৰমণৰ সময়ত চূড়ান্ত কৰা চুক্তিসমূহ ৰূপায়ণৰ ব্যৱহাৰিক দিশসমূহৰ বিষয়েও আলোচনা কৰিছিল।" ৰাছিয়াৰ বিষয়াজনে লগতে কয়, "৬ ডিচেম্বৰত নতুন দিল্লীলৈ উচ্চ পৰ্যায়ৰ ভ্ৰমণৰ সময়ত ৰাছিয়াৰ প্ৰতিনিধিদলৰ আতিথ্যৰ বাবে পুটিনে নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাইছে।"
ইপিনে, দুয়ো দেশৰ নেতা দুগৰাকীৰ এই আলোচনাৰ সময়ত হোৱা চুক্তিসমূহৰ ৰূপায়ণৰ ব্যৱহাৰিক দিশসমূহৰ বিষয়ে আলোচনা কৰে আৰু ৰাছিয়া আৰু ভাৰতৰ মাজত বিশেষ কৌশলগত অংশীদাৰিত্বৰ অধিক বহুমাত্ৰিক বিকাশৰ বাবে পাৰস্পৰিক অভিপ্ৰায় ব্যক্ত কৰে।"
Comments