গুৱাহাটী,২১ নৱেম্বৰ:প্ৰাদেশিকৰণৰ প্ৰথম পৰ্যায়ত বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন (বিটিআৰ)ৰ মুঠ ২৬ খন ব্যক্তিগত মহাবিদ্যালয়ক চৰকাৰী নিয়ন্ত্ৰণৰ অধীনলৈ অনা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বড়ো চুক্তি অনুসৰি বিটিআৰত শৈক্ষিক খণ্ডৰ বিকাশ সন্দৰ্ভত অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন (এবছু) আৰু বড়ো সাহিত্য সভাৰ (বিএছএছ) এটা প্ৰতিনিধি দলৰ সৈতে বৈঠক অনুষ্ঠিত কৰে।
মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ ব্যক্তিগত তথা অফিচিয়েল টুইটাৰ হেন্দেলৰ যোগেৰে এক বিবৃতি প্ৰদান কৰি কয়,"প্ৰতিনিধি দলৰ অনুৰোধ অনুসৰি, প্ৰাদেশিককৰণৰ বাবে প্ৰথম পৰ্যায়ত বিটিআৰত ২৬ খন ব্যক্তিগত মহাবিদ্যালয়ৰ উন্নয়নৰ কাম হাতত লোৱা হ'ব বুলি সিদ্ধান্ত লোৱা হৈছিল,"
উচ্চ শিক্ষা বিভাগে মহাবিদ্যালয়সমূহৰ স্থিতি, আন্তঃগাঁথনি, বিদ্যমান শিক্ষকসকলৰ অৰ্হতা, নতুনকৈ নিযুক্তিৰ প্ৰয়োজনীয়তা পৰীক্ষা কৰিব আৰু এই ক্ষেত্ৰত শীঘ্ৰে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব।এনইপি-২০২০ অনুসৰি বড়ো অঞ্চলৰ বিদ্যালয়সমূহত পৰ্যাপ্ত বড়ো ভাষাৰ শিক্ষক পদ সৃষ্টি কৰাৰ বাবেও বৈঠকত সিদ্ধান্ত লোৱা হৈছিল।
Comments