গুৱাহাটী, ২৪ ডিচেম্বৰঃ টেলিভিশন জগতৰ জনপ্রিয় কৌতুক অভিনেত্রী ভাৰতী সিং বৰ্তমান গৰ্ভৱতী হোৱাৰ খবৰ সামাজিক মাধ্যমত ্বহুল প্ৰচাৰিত হৈছে। শেহতীয়াকৈ তেওঁ প্ৰকাশ কৰিছিল যে, "মই আৰু মোৰ স্বামী হৰ্ষ লিম্বাচিয়া অতি সোনকালেই পিতৃ-মাতৃ হ'বলৈ ওলাইছোঁ।" এই বাতৰিটো জানি ভাৰতী সিঙৰ বন্ধু আৰু অনুৰাগীসকলে তেওঁক অভিনন্দন জনাইছিল, কিন্তু এটা সময় আছিল যেতিয়া ভাৰতীয়ে মাতৃ হ'ব বিচাৰি নাছিল। এই কথাষাৰ ভাৰতীয়ে এটা অনুষ্ঠানত প্ৰকাশ কৰিছিল।
প্ৰকৃততে, কিছু সময় আগতে এজন প্ৰতিযোগীয়ে টেলিভিশনৰ এক অনুষ্ঠানত এটা প্ৰদৰ্শন দেখুৱাইছিল, যাক দেখি ভাৰতী সিং অতি আৱেগিক হৈ পৰিছিল। প্ৰদৰ্শনৰ পিছত, প্ৰতিযোগীজনে কৈছিল যে, "মই মঞ্চত প্ৰদৰ্শন কৰা সময়খিনি এটা সঁচা ঘটনা। ক'ৰনাৰ ফলত এগৰাকী মাতৃয়ে তেওঁৰ ১৪ দিনীয়া এটা সন্তান হেৰুৱাইছিল।" এই কথা শুনি অনুষ্ঠানটোত অতিথি হিচাপে অহা অভিনেতা চনু সুদও আৱেগিক হৈ পৰে। ভাৰতী সিঙে কান্দি কান্দি চনু সুদক কৈছিল, "মই আৰু হৰ্ষে এটা সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰি আছিলো, কিন্তু ক'ৰনাৰ সময়ত যি পৰিস্থিতিৰ উদ্ভৱ হৈছিল সেয়া দেখি মই আতংকিত হৈ পৰিছিলো।"
ভাৰতী সিঙে লগতে কৈছিল যে, "মই ভিতৰৰ পৰা শক্তিশালী, কিন্তু ইমানো শক্তিশালী নহয় যে মই এটা সন্তান হেৰুওৱাৰ বেদনা সহ্য কৰিবলৈ সক্ষম হ'ম।"
শেহতীয়াকৈ, ভাৰতী সিঙৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছিল। ভিডিঅ'টোত, ভাৰতীয়ে ধেমেলীয়া সুৰত ফটোগ্ৰাফাৰসকলক কৈছিল, "মই কোনখন চিকিৎসালয়ত ভৰ্তি হৈছো ক'ম। ৫০-৫০ হাজাৰ টকা, আপুনি যি চেনেল নহওক কিয়, ডেলিভাৰীৰ ব্যয় সকলোৰে ফালৰ পৰা আহিব লাগে, কিয়নো আমি সকলোকে আমাৰ নিজৰ ইচ্ছাৰে কথাখিনি ক'ব বিচাৰিছিলো, কিন্তু আপোনালোকে বাতৰিটো ইতিমধ্যে প্ৰকাশ কৰিছিল আৰু আমাৰ ভাবি থোৱা কাৰ্য নষ্ট কৰিছিল।" ভাৰতী সিঙে লগতে কয়, "মই মোৰ বন্ধুক জনাই দিম আমাৰ শিশুটিৰ প্ৰসৱ কোনখন চিকিৎসালয়ত কৰা হ'ব। আপোনালোক সকলোৱে তাত ৫০ হাজাৰ টকা বিল আদায়ৰ বাবে লৈ আহিব।"
Comments