কাকপথাৰ, ২৪ ডিচেম্বৰ: যোৱা ১১ ডিচেম্বৰৰ পৰা ১৫ ডিচেম্বৰ লৈ শ্ৰীলঙ্কাৰ কলম্বোত অনুষ্ঠিত হোৱা "এচ. বি. কে. এফ আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ শ্ৰীলঙ্কা২০২১"ৰ প্ৰতিযোগিতাত ভাৰতৰ হৈ অসমৰ সীমামুৰীয়া তিনিচুকীয়া জিলাৰ কাকপথাৰৰ আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন খেলুৱৈ বীণা বৰকটকীয়ে দুটাকৈ সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।
বীণা বৰকটকীয়ে তিনি হাজাৰ মিটাৰ ৱাকাথন, পাঁচ হাজাৰ মিটাৰ ৱাকাথন প্ৰতিযোগিতাত সকলো প্ৰতিদ্বন্দ্বীয়ে চেৰ পেলাই সোণৰ পদক আজুৰি অনাৰ লগতে ৰাষ্ট্ৰীয় পতাকা প্ৰদৰ্শিত কৰিবলৈ সক্ষম হয়। বীণা বৰকটকীয়ে ইয়াৰ পূৰ্বেও আন্ত ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় পদক লাভ কৰিছে।বৰকটকীয়ে অসমৰ লগতে তিনিচুকীয়া জিলাৰ কাকপথাৰলৈ গৌৰৱ কঢ়িয়াই আনিছে।
এই খবৰে কাকপথাৰৰ ক্ৰীড়াপ্ৰেমীৰ মাজত আলোড়নৰ সৃষ্টি কৰিছে। নতুন প্ৰজন্মৰ বাবে বীণা বৰকটকী প্ৰেৰণাৰ উৎস হৈ পৰিব বুলি বিজ্ঞ লোকে মতপোষণ কৰিছে।
Comments