গুৱাহাটী, ২৫ ডিচেম্বৰঃ বাংলাদেশত শুক্ৰবাৰে পুৱতি নিশা সুগন্ধা নদীত এখন ৩ মহলীয়া নাৱত জুই লগাত কমেও ৪০ জন লোক নিহত হয় আৰু ১৫০ ৰো অধিক লোক জীৱন্তে অগ্নিদগ্ধ হয়। বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি নাওখনত প্ৰায় ৮০০ জন লোকে যাত্ৰা কৰি আছিল। আৰক্ষী আৰু অগ্নি নিৰ্বাপক বিষয়াসকলে জনোৱা মতে, ঢাকাৰ পৰা বৰগুনালৈ গৈ থকা নাও এমভি অভিজন-১০ ৰ ইঞ্জিন ৰুমত শুক্ৰবাৰে স্থানীয় সময় অনুসৰি পুৱা ৩ বজাত জুই লাগে। বহুতো যাত্ৰী এতিয়াও সন্ধানহীন হৈ আছে। এজন অগ্নি নিৰ্বাপক বিষয়াই জানিবলৈ দিয়া অনুসৰি, "নদীৰ পৰা ৯ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু অগ্নিদগ্ধ হোৱা ৭২ জন যাত্ৰীক বৰ্চাল চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।"
ইপিনে, অগ্নিকাণ্ডৰ ঘটনাটোত কমেও ৪০ জন লোক নিহত হোৱা বুলি এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়ে। ইয়াৰে কিছুমান মানুহৰ অগ্নিদগ্ধ হোৱাৰ ফলত আৰু আন কিছুমানৰ নদীত ডুবি যোৱাৰ ফলত মৃত্যু হৈছিল। আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয় যে, "জুই লগাৰ সময়ত বহুতো যাত্ৰী শুই আছিল। ধোঁৱাৰ ফলত শ্বাসৰুদ্ধ হোৱাৰ লগতে জ্বলা-পোৰা আৰু ডুব যোৱাৰ ফলত কেইবাজনো যাত্ৰীৰ মৃত্যু হৈছিল।"
Comments