গুৱাহাটী, ২৩ ডিচেম্বৰঃ ৰাজস্থানৰ আজমীৰৰ পৰা মানৱতাক লজ্জানত কৰা এটা ঘটনা পোহৰলৈ আহিছে, য'ত বুকুৰ বিষত ভুগি থকা এগৰাকী মহিলাৰ চিকিৎসালয় কৰ্তৃপক্ষই আৰ্থিক লাভালাভৰ বাবে আঁঠুৰ অস্ত্ৰোপচাৰ কৰিছিল। চিকিৎসালয়খনত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ চিকিৎসা কৰিবলৈ অহা এগৰাকী মহিলাৰ আঁঠুত অস্ত্রোপচাৰ কৰাৰ অভিযোগ উত্থাপিত হোৱাত সকলোৱে আচৰিত হৈ পৰিছে।
দৰাচলতে, আজমীৰ জিলাৰ বাসিন্দা ৭০ বছৰীয়া ভানৱাৰী দেৱী শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগি আছিল। ডিচেম্বৰৰ ১৮ তাৰিখে, জয়পুৰৰ ৰজত চিকিৎসালয়ৰ হৈ পত্ৰিকা বিতৰণ কৰি গাওঁখনত এটা শিৱিৰ স্থাপন কৰা হৈছিল। ভানৱাৰী দেৱী বিষৰ ঔষধ ল'বলৈ শিবিৰলৈ গৈছিল। তাৰ পিছত, সন্ধিয়া উন্নত চিকিৎসাৰ বাবে ভানৱাৰীক পাৰজয়পুৰলৈ অনা হৈছিল আৰু কিছুমান বীমা কাগজত বুঢ়া আঙুলিৰ টিপ চহী কৰাই চিকিৎসালয় কৰ্তৃপক্ষই এটা অস্ত্ৰোপচাৰ কৰিছিল।
উক্ত অস্ত্ৰোপচাৰটো আঁঠুত কৰা হৈছিল। সেই সময়ত মহিলাগৰাকীয়ে হাত জোৰ কৰি চিকিৎসকৰ সন্মুখত কান্দিছিল কিন্তু কোনেও তেওঁক সঁহাৰি জনোৱা নাছিল। চিকিৎসালয়খনে তেতিয়া অস্ত্ৰোপচাৰৰ নামত চিৰঞ্জীৱী বীমা আঁচনিৰ অধীনত অহা ধন প্ৰত্যাহৰ কৰিছিল।
এই ক্ষেত্ৰত, জয়পুৰৰ মুখ্য চিকিৎসা বিষয়া নৰোত্তম শৰ্মাই কৈছে যে, "উক্ত গোচৰটোৰ তদন্ত কৰিবলৈ তিনিজনীয়া চিকিৎসকৰ এটা দল গঠন কৰা হৈছে।" ইপিনে, বিষয়টো গুৰুত্বসহকাৰে তদন্ত কৰি থকাৰ সময়তে ৰাজস্থান চৰকাৰৰ মন্ত্ৰী প্ৰতাপ সিং খাচাৰিয়াৱাছে কয় যে, "চিকিৎসালয়খনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছে আৰু বিষয়টোৰ তদন্ত চলি আছে। এই ঘটনাৰ সৈতে জড়িত কোনো এজন মানুহকো ৰেহাই দিয়া নহ'ব।"
Comments