গুৱাহাটী,২৩ ডিচেম্বৰ:নৱবৰ্ষলৈ মাজত মাথোঁ এটা সপ্তাহ বাকী৷ কিন্তু এই এটা সপ্তাহ আপোনাৰ বাবে অতি জৰুৰী বিবেচিত হৈছে৷ কিয়নো ৩১ ডিচেম্বৰৰ পূৰ্বে কেইটামান কাম সমাধা নকৰিলে আপুনি হয়তো পৰিব পাৰে সমস্যাত৷ লগতে হ’ব পাৰে ক্ষতিৰ সন্মুখীনো৷ ৩১ ডিচেম্বৰৰ পূৰ্বে এইকেইটা কাম সমাধা কৰিবলৈ চেষ্টা কৰক :
১. আপুনি ঘৰ বনোৱাৰ কথা ভাবিছে নেকি? তেনেহ’লে খৰধৰ কৰক৷ ৩১ ডিচেম্বৰৰ পূৰ্বে গৃহঋণৰ যাৱতীয় কাম সমাধা কৰক৷ কিয়নো ৩১ ডিচেম্বৰৰ পিছত বৃদ্ধি হ’ব গৃহঋণৰ সুত৷ ৩১ ডিচেম্বৰলৈকে বেংক অব বৰোডাই ৬.৫০ শতাংশ সুতৰ হাৰত গৃহঋণ প্ৰদান কৰিব।
২. ইউ এন এক আধাৰৰ সৈতে সংযোগৰ অন্তিম তাৰিখ হৈছে ৩১ ডিচেম্বৰ। ই পি এফত বিনিয়োগকাৰীসকলেও কৰিব লাগিব আধাৰ সংযোগ। তাকে নকৰিলে অনাগত দিনত সমস্যাৰ লগতে বন্ধ হ’ব পাৰে পি এফ একাউণ্ট।
৩. ২০২০-২১ বিত্তীয় বৰ্ষৰ আয়কৰ ৰিটাৰ্ণ দাখিলৰ সময়সীমা বৃদ্ধি কৰা হৈছিল ৩১ ডিচেম্বৰ, ২০২১লৈ। জৰিমনা অবিহনে যদি আয়কৰ ৰিটাৰ্ন কৰিব বিচাৰে তেন্তে ৩১ ডিচেম্বৰৰ ভিতৰত কৰক।
৪. পেঞ্চনাৰসকলে জীৱিত থকাৰ প্ৰমাণ-পত্ৰ ৩১ ডিচেম্বৰৰ ভিতৰত দাখিল কৰক। সেয়া নকৰিলে পেঞ্চন পোৱা বন্ধটো হ’ব। সাধাৰণতে প্ৰতি বছৰে পেঞ্চনাৰসকলে ৩০ নৱেম্বৰৰ ভিতৰত তেওঁলোকৰ জীয়াই থকাৰ প্ৰমাণ দাখিল কৰিব লাগিব যদিও এইবাৰ উক্ত সময়সীমা ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছিল।
৫. ডিমেট, ট্ৰেডিং একাউণ্টৰ কে ৱাই চি দাখিল কৰক ৩১ ডিচেম্বৰৰ পূৰ্বে৷ চলিত বৰ্ষত ভাৰতীয় চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ডে উক্ত কে ৱাই চি দাখিলৰ সময়সীমা ৩০ ছেপ্টেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰিছিল।
Comments