Classifieds
View All
গুৱাহাটী,২৩ ডিচেম্বৰ:বৃহস্পতিবাৰে দেশত কৰোনা আক্রান্তৰ সংখ্যা আগ দিনাতকৈ বৃদ্ধি হৈছে ১৮.৫ শতাংশ। বিগত দিনটোত দেশত নতুনকৈ কৰোনাত আক্রান্ত হৈছে ৭ হাজাৰ ৪৯৫ জন। আনহাতে, দেশত বৰ্তমান অমিক্রন আক্রান্তৰ সংখ্যা ২৩৬। শীর্ষত আছে মহাৰাষ্ট্র। ৰাজ্যখনত ৬৫ জন ওমিক্রন আক্রান্তৰ সন্ধান পোৱা গৈছে। তাৰ পিছত দিল্লীত ৬৪ জন ওমিক্রন আক্রান্ত। তাৰ পিছত আছে যথাক্রমে তেলেঙ্গানা (২৪), ৰাজস্থান (২১), কর্নাটক (১৯), কেৰালা (১৫), গুজৰাট (১৪)।
জম্মু-কাশ্মীৰত তিনিজন, অন্ধ্র, ওড়িশা, উত্তৰ প্রদেশত দুজনকৈ অমিক্রন আক্রান্তৰ সন্ধান পোৱা গৈছে। চণ্ডীগড়, লাডাখ, পশ্চিমবংগত এজনকৈ আক্রান্ত হৈছে। আনহাতে, এই পর্যন্ত দেশত কৰ'নাত আক্রান্ত হৈছে ৩ কোটি ৪৭ লক্ষ ৬৫ হাজাৰ ৯৭৬ জন।
Comments