গুৱাহাটী,২৮ ডিচেম্বৰ:অনলাইনত বস্তু ক্ৰয় কৰা যিমান সহজ আৰু সস্তা, তেনেদৰে ঠগ খোৱাৰ সম্ভাৱনাও নথকা নহয়৷ তেনে এক ঘটনাই ঘটিল ইংলেণ্ডৰ লিডছৰ বাসিন্দা ডেনিয়েল কেৰলৰ সৈতে। অনলাইনত ফোন অর্ডাৰ কৰি তাৰ সলনি পালে চকলেট।
যোৱা ২ ডিচেম্বৰত ম'বাইল প্রস্তুতকাৰক কোম্পানী এপলৰ নিজস্ব ৱেবছাইটত এটি আইফোন ১৩ অর্ডাৰ দিয়ে ডেনিয়েলে। ফোনটিৰ বর্তমান বজাৰ মূল্য প্রায় এক লাখ টকা। পণ্য সৰবৰাহকাৰী কোম্পানী ডিএইচএলে ১৭ ডিচেম্বৰৰ ভিতৰত উক্ত মোবাইল ডেনিয়েলৰ ঘৰত উপনীত কৰাব বুলি জনাইছিল। প্রায় দুসপ্তাহ পিছত যোৱা শুক্রবাৰ পর্যন্ত উক্ত ফোন হাতত নাপাই তেওঁ ডিএইচএলৰ গুদামৰ পৰা ম'বাইলটো ডেলিভাৰী লোৱাৰ সিদ্ধান্ত লয়।
সেই কথা তেওঁ কোম্পানীটোৰ ৱেবছাইটত জনোৱাত তেওঁক শনিবাৰে যাবলৈ কয়। ঘৰৰ পৰা ২৪ মাইল দূৰৈৰ ডিএইচএলৰ গুদামৰ পৰা মোবাইলটো লোৱাৰ পিছত পেকিঙৰ গুণগত মান সন্দৰ্ভত ডেনিয়েলৰ মনত সন্দেহ সৃষ্টি হয়। ততাতৈয়াকৈ বাকচটো খোলোতেই তেওঁৰ চকু কপালত উঠে! মোবাইলৰ সলনি বাকচটোৰ ভিতৰত আছে দুটা চকলেট। তাকো টয়লেট পেপাৰেৰে মেৰিওৱা।
ঘটনাটি বিস্তাৰিতভাৱে জনাই টুইটাৰত পোষ্ট কৰে ডেনিয়েলে। তেওঁৰ প'ষ্টত সৰবৰাহকাৰী কোম্পানী ডিএইচএলকো টেগ কৰে। কোম্পানীটোৱে ডেনিয়েলক জনোৱা মতে, তেওঁলোকে ঘটনাটিৰ অন্তৰ্ৱর্তী তদন্ত আৰম্ভ কৰিছে। ডেনিয়েলক যাতে চকলেটৰ পৰিৱর্তে ম'বাইলটো দিয়া যায় তাৰ বাবে এপ'লৰ সৈতেও যোগাযোগ কৰা বুলি কোম্পানীটোৱে জনাইছে।
Comments