Cartoon
View Older
গুৱাহাটী,২৮ ডিচেম্বৰ:কৰ'নাত আক্রান্ত বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী। সম্প্ৰতি দক্ষিণ কলকাতাৰ এখন ব্যক্তিগত হস্পিটেলত কোৱৰেণ্টিন হৈ আছে তেওঁ। সোমবাৰে পুৱাতেই প্রাথমিক পৰীক্ষাত গাংগুলীৰ কৰ'না পৰীক্ষাৰ ৰিপোর্ট পজিটিভ আহে। তাৰ পিছত তেওঁৰ দ্বিতীয় পৰীক্ষা কৰোৱা হয়।
তাতো ৰিপোর্ট পজিটিভ অহা বুলি হস্পিটেলখনৰ সূত্রত প্ৰকাশ। অৱশ্যে তেওঁৰ পত্নী ডোনা আৰু কন্যা সানাৰ কৰ'না পৰীক্ষাৰ ৰিপোর্ট নেগেটিভ আহিছে।
সোমবাৰে নিশাতেই গাংগুলীক হস্পিটেললৈ লৈ যোৱা হয়। তাতেই তেওঁ ভর্তি হৈ আছে। অৱশ্যে তেওঁৰ চিকিৎসা হস্পিটেলতে হ’ব নে ঘৰতে তেওঁক কোৱাৰেণ্টাইনত ৰখা হ’ব সেয়া এতিয়াও স্পষ্ট নহয়। চিকিৎসকৰ সৈতে আলোচনাৰ পিছতহে সেই বিষয়ত সিদ্ধান্ত লোৱা হ’ব। কিন্তু সৌৰভ গাংগুলীয়ে ঘৰতেই তেওঁৰ চিকিৎসা হোৱাটো বিচাৰিছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।
Comments