গুৱাহাটী, ২৭ ডিচেম্বৰঃ ভাৰতত এই পৰ্যন্ত ৫৭৮ গৰাকী লোক অমিক্ৰনত আক্ৰান্ত হৈছে।দিল্লীত স্ৰবাধিক ১৪২ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মহাৰাষ্ট্ৰত আক্ৰান্ত হৈছে ১৪১ গৰাকী। দৈনিক অমিক্ৰনত আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ লগে লগে দেশত কোৰোণাৰ তৃতীয় লহৰৰ আশংকাও ঘনীভূত হৈছে।
দেশত দ্ৰুতগতিত বিয়পি পৰা কোৰোণা সংক্ৰমণৰ ডেল্টা আৰু ওমাইক্ৰন ভেৰিয়েণ্টক লৈ এতিয়া যথেষ্ট চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ।এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবলৈ দ্বিতীয়খন পত্ৰ লিখিছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ৰাজ্যসমূহৰ মুখ্য সচিবসকললৈ লিখা এখন পত্ৰত অমিক্ৰন ভেৰিয়েণ্টক লৈ সম্পূৰ্ণ সতৰ্ক হ'বলৈ নিৰ্দেশ দিছে।ৰাজ্যসমূহক অমিক্ৰন ভেৰিয়েণ্টৰ বিৰুদ্ধে যুঁজিবলৈ স্বাস্থ্য সেৱাসমূহ শক্তিশালী কৰাৰ পদ্ধতিত দ্ৰুতগতিত কাম কৰিবলৈ নিৰ্দেশ দিছে।অক্সিজেন যোগান প্ৰকল্প আৰু সেইবোৰৰ স্থাপন আৰু কাৰ্যক্ষমতা সম্পূৰ্ণৰূপে সুনিশ্চিত কৰিবলৈ নিৰ্দেশনা দিছে।সকলো জৰুৰী ঔষধৰ বাফাৰ ষ্টক ক্ৰমত ৰাখিবলৈও নিৰ্দেশ দিছে।
Comments