যোৰহাট ,২৮ ডিচেম্বৰ :অৰুণাচল প্ৰদেশৰ ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ পৃষ্ঠপোষকতাত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত কেচুসাৰ উৎপাদনৰ এটি পাচদিনীয়া কৃষক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয় । ২০-২৪ ডিচেম্বৰলৈ অসম কৃষি বিশ্ববিদ্যালয়তৰ এগ্ৰনমি বিভাগৰ উদ্যোগত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীত কেচুসাৰ উৎপাদন , ব্যৱহাৰ আৰু বৰ্তমান সময়ত কেচুসাৰৰ পৰা বাণিজ্যিক সম্ভাৱনীয়তা আদি দিশৰ ওপৰত বিশেষভাবে আলোকপাত কৰা হয় ।
এই প্ৰশিক্ষণ কাৰ্যসূচী উদ্ধোধন কৰি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠকে ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান আৰুণাচল প্ৰদেশে কেচুসাৰ উৎপাদনৰ জৰিয়তে স্বনিৰ্ভৰশীলতা বৃদ্ধিৰ বাবে লোৱা প্ৰচেষ্টাৰ শলাগ লয় আৰু এই দিশত বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা সকলোধৰণৰ প্ৰযুক্তিগত সহায় আগবঢ়াব বুলি প্ৰকাশ কৰে ।এগ্ৰনমি বিভাগৰ মুৰব্বী অধ্যাপক ড° কল্যাণ পাঠকে আদৰণি ভাষণ আগবঢ়োৱা সভাখনত সহযোগী গৱেষণা সঞ্চালক ড° মৃণাল শইকীয়া, বিশ্ববিদ্যালয়ৰ যুটীয়া পঞ্জীয়ক ড° অনুপ দাসে বক্তব্য আগবঢ়ায় ।
এই অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° ৰঞ্জিত কুমাৰ সাউদ ,ড° মনোৰঞ্জন নেওগ, আৰু অৰুণাচল ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ সহকাৰী অধ্যাপিকা ড° মঞ্জুলা দাসৰ লগতে কেবাজনো অধ্যাপক বিজ্ঞানী আৰু ছাত্ৰ ছাত্ৰী উপস্থিত থাকে । এগ্ৰনমি বিভাগৰ প্ৰধান বিজ্ঞানী ড° খগেন কুৰ্মীৰ পৰিচালনাত আয়োজিত এই প্ৰশিক্ষণত অংশ লোৱা প্ৰশিক্ষাৰ্থী কৃষকৰ কুৰিজনীয়া দলটোৱে কেচুসাৰ উৎপাদনৰ ব্যৱহাৰিক প্ৰণালীৰ প্ৰশিক্ষণ লোৱাৰ উপৰিও ক্ষেত্ৰ অধ্যয়নৰ বাবে কেবাটাও ব্যৱহাৰিক কেচুসাৰ উদ্যোগ ভ্ৰমণ কৰে ।প্ৰশিক্ষণটোৰ অন্তত প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰা হয় ।
Comments