নলিনীবালা দেৱীয়ে ‘জনমভূমি’ কবিতাত লিখিছিল–
‘মেলিলো প্রথম চকু
তোমাৰ কোলাতে আই
জনমৰ আদিম পুৱাত...’
জীৱনৰ প্রথম পুৱাত আইৰ কোলাত আইৰ মুখৰ পৰা শুনা মৌ বৰষা ভাষাকে আমি মাতৃভাষা বুলি কওঁ৷
ড০ ভূপেন হাজৰিকা তেতিয়া আমেৰিকাৰ নিউয়র্কত৷ অনৱৰতে ইংৰাজীত কথা পাতি পাতি তেখেত বিৰক্ত হৈ পৰিল৷ আইৰ মুখৰ ভাষা ক’বলৈ নাপাই অসমীয়া গীতক বিশ্ব সবাহলৈ লৈ যোৱা ভূপেন হাজৰিকাই নিজৰ মনক সাত্বন্না দিবলৈ এদিন তেওঁ থকা চহৰখনৰ চিৰিয়াখানালৈ গ’ল৷ লগত পশ্চিম বংগৰ এজন চলচিচত্র পৰিচালক৷ চিৰিয়াখানাখনত অসমৰ পৰা লৈ যোৱা এটা এশিঙীয়া গঁড় আাছিল৷ তেওঁ গঁড়টোৰ লগত অসমীয়াতে কথা পাতিবলৈ ল’লে– ‘ঐ তই লুইতৰ সিটো পাৰে থাক আৰু মই ইটো পাৰে থাকোঁ৷ তোৰ কিহৰ ইমান বাহাদুৰি’... ইত্যাদি৷ গঁড়টোৰ সৈতে এইদৰে কথা পাতি তেখেতে মনত পৰম সন্তোষ লাভ কৰিলে৷ মাতৃভাষাৰ প্রতি বিৰল স্নেহৰ ই আছিল এক প্রকৃষ্ট উদাহৰণ৷ তেখেতে লিখিছিল–
‘শংকৰ-মাধৱৰ মহা মহা সৃষ্টিৰে
উজ্জ্বল লুইতৰ পাৰ
কতজনে শলাগিলে অসমীয়া লিখনী
পদ্ম গোহাঞি বৰুৱাৰ
বড়ো, ৰাভা, মিচিঙৰ ৰূপে-ৰসে ভৰপূৰ
জীয়া জীয়া আমাৰ ভাষাৰ৷
লিখাবোৰ কিয় বাৰু পঢ়ি পঢ়ি
চোৱা নাই পামেগাম বিষ্ণু ৰাভাৰ৷’
পশ্চিম বংগৰ প্রখ্যাত চিন্তাশীল ব্যক্তি অম্লান দত্তই তেওঁৰ এটি নিবন্ধত লিখিছিল– ‘যি ভাষাৰে আমাৰ মনৰ অভিজ্ঞতাই প্রথম আকাৰ গ্রহণ কৰে, জীৱনৰ বিচিত্র সমস্যা যি ভাষাৰে আমাৰ চেতনাৰ স্বভাৱত প্রস্ফুটিত হয়, যি ভাষা আমাৰ উশাহ-নিশাহৰ দৰেই সহজ, সেই ভাষাৰে বিগলিত হৈ, যি শিক্ষা আমাৰ মনত প্রৱাহিত হয় সেই শিক্ষাৰ উপলব্ধিৰে গভীৰতম স্তৰত সঞ্চাৰ সম্ভৱ৷’ আমি ভূমিস্থ হোৱাৰ পাছতে ভগৱান স্বৰূপিনী আইৰ মুখৰ পৰা মৌ-বৰষা সেই ভাষা শিকিবলৈ আৰম্ভ কৰোঁ৷ সেয়াই মাতৃভাষা৷ পৃথিৱীৰ সকলো বস্তু ভেজাল হ’ব পাৰে– কিন্তু মাৰ বুকুৰ গাখীৰ নির্ভেজাল, খাটি৷ সেয়ে কোৱা হয় মাতৃভাষা– মাতৃদুগ্ধসম৷
পদ্মনাথ গোহাঞি বৰুৱাৰ এশ পঞ্চাশতম জন্মজয়ন্তী উপলক্ষে শিৱসাগৰৰ ব’র্ডিং খেলপথাৰত যোৱা ১৫ ডিচেম্বৰত এক অনুষ্ঠান আয়োজিত হৈছিল৷ তাত অৰুণাচলৰ সাহিত্যিক মামাং দায়ে আমাক সোঁৱৰাই দি ক’লে– ‘মাতৃভাষা অবিহনে কোনো এটা জাতি শক্তিশালী হ’ব নোৱাৰে৷’
অসমীয়া ভাষাক প্রতিষ্ঠা কৰাৰ বাবে শংকৰ, মাধৱ, ভট্টদেৱৰ পৰা আৰম্ভ কৰি লক্ষ্মীনাথ বেজবৰুৱা, ভাষাৰ ওজা হেমচন্দ্র বৰুৱা, পদ্মনাথ গোহাঞি বৰুৱা, ড০ বাণীকান্ত কাকতি, জ্যোতিপ্রসাদ, বিষ্ণু ৰাভা, ভূপেন হাজৰিকাই যি কষ্ট স্বীকাৰ কৰি গ’ল আমি তাক নস্যাৎ কৰিব বিচাৰিলে ইতিহাসে আমাক অপৰাধী ৰূপে গণ্য কৰিব৷ কিয়নো ঐতিহ্যৰ ভেটিত তিতালাও গজিলেও বুৰঞ্জীৰ একো হানি নহয়৷
অসমত অসমীয়া ভাষা লুপ্ত হৈছিল ১৮৩৬ চনৰ পৰা ১৮৭১ চনলৈ৷ বছৰ বছৰ ধৰি অসমৰ পঢ়াশালি, কাছাৰী আদিত প্রচলন হৈছিল বাংলা ভাষা৷ অসম প্রকাশন পৰিষদে প্রকাশ কৰা ‘অসমীয়া বিশ্বকোষ’ৰ অসম সম্পর্কীয় অধ্যায়ত (২৬৯ পৃঃ) উল্লেখ আছে– ‘১৮৩৭ খ্রীঃতে অসমৰ স্কুল আৰু অফিচসমূহত অসমীয়া ভাষাৰ পৰিৱর্তে বঙলাভাষাৰ প্রচলন কৰি ব্রিটিছ চৰকাৰে অসমীয়া প্রজাৰ মাজত প্রবল অসন্তোষৰ সৃষ্টি কৰিছিল৷’ অৱশেষত আমেৰিকান বেপ্তিষ্ট মিশ্যনেৰিসকলৰ (American Baptist Missionaries) আৰু আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্র বৰুৱা, গুণাভিৰাম বৰুৱাকে আদি কৰি কেইজনমান স্বদেশপ্রেমিক ব্যক্তিৰ আপ্রাণ চেষ্টাত ১৮৭১ খ্রীঃত অসমত পুনৰ অসমীয়া ভাষাৰ প্রচলন হয়৷ এই ভেটিতে স্বদেশপ্রেমত উদ্বুদ্ধ হোৱা লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্র কুমাৰ আগৰৱালা, পদ্মনাথ গোহাঞি বৰুৱা, কমলাকান্ত ভট্টাচার্য, হেমচন্দ্র গোস্বামী আদি অনেক শিক্ষিত ডেকাই অসমীয়া সাহিত্যলৈ নতুন জোৱাৰ আনি ৰাইজৰ মাজত জাতীয়তাবোধৰ সৃষ্টি কৰিছিল৷’ ১৮৭২ চনত গংগাগোবিন্দ ফুকনৰ নেতৃত্বত কলিকতাত গঠন হৈছিল অসমীয়া সাহিত্য সভা বা অসমীয়া ছাত্র সাহিত্য সভা৷ ১৮৮৮ চনৰ ২৫ আগষ্ট তাৰিখে লক্ষ্মীনাথ বেজবৰুৱাৰ নেতৃত্বত কলিকতাৰ মির্পুৰ ষ্ট্রীটত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ (অঃ ভাঃ উঃ মাঃ মঃ) প্রথমখন সভা অনুষ্ঠিত হৈছিল৷ প্রৱাসত থাকি মাতৃভাষাৰ বাবে যুঁজ দিছিল ৰসৰাজে৷ ইয়াৰ ফলস্বৰূপেই ‘জোনাকী’য়ে জন্ম লাভ কৰিছিল৷
অসমীয়া ভাষা যে স্বকীয় সেয়া প্রতিষ্ঠা কৰাৰ বাবে ড০ বাণীকান্ত কাকতিয়ে কঠোৰ পৰিশ্রম আৰু গৱেষণাৰে লিখি উলিয়াইছিল– Assamese its formation and development. ই অসমীয়া ভাষাৰ বাবে আজিও মাইলৰ খুঁটি হিচাপে চিহিুত হৈ আছে৷
অসমীয়া সংস্কৃতিৰ অন্যতম প্রাণ প্রতিষ্ঠাপক, অসমীয়াৰ হূদয়ত নিগাজিকৈ স্থান লোৱা ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ প্রপিতামহ নওৰংগ আগৰৱালা ঊনবিংশ শতিকাৰ আগভাগত আহি অসমত স্থায়ীভাৱে বসবাস কৰিবলৈ লয়৷ তেওঁলোক সম্প্রদায়ত মাৰোৱাৰী আছিল আৰু ব্যৱসায় কৰিবলৈ আহিছিল৷ কিন্তু অসমলৈ আহি অসমত স্থায়ীভাৱে বসবাস কৰাৰ উপৰি অসমীয়া ছোৱালী বিয়া কৰাই হাড়ে-হিমজুৱে অসমীয়া হৈ পৰে৷ বিপ্লৱী মনীষাৰ প্রতীক, আজীৱন শিল্পী জ্যোতিপ্রসাদে ‘অসমীয়া ভাষাৰ কাৰণে কবিৰ প্রার্থনা’ শীর্ষক কবিতাত লিখিছিল–
‘ঠুনুক ঠানাক৲কৈ অমিয়া বৰষা
অমাতৰ মাত যেন বোৱা যিটো ভাষা
অসমীয়া ভাষা মোৰ বৰ মৰমৰ
জ্বলন্ত সাধনা মোৰ কত জনমৰ৷’
আনহাতে ‘অসমীয়া ডেকাৰ উক্তি’ কবিতাত লিখিছিল–
‘কামৰূপা মোৰ
সুৱদি সুৰীয়া
অসমীয়া ভাষা
জগত-সভালৈ যাব,
উজ্জ্বল
সুজ্জ্বল
কহিনুৰ পিন্ধি
হাঁহি জ্যোতিৰূপা হ’ব৷’
খ্রীঃপূঃ ১৮৫০ৰ পৰা ১৯ খ্রীঃৰ আগভাগলৈকে অসমত জন্মগ্রহণ কৰা প্রায় পঁচিশগৰাকী ব্যক্তিৰ আশাশুধীয়া প্রচেষ্টা আৰু অধ্যৱসায়ৰ ফলত অসমীয়া ভাষাই এক বিশেষ স্থান আৰু মর্যাদা লাভ কৰিবলৈ সক্ষম হৈছিল৷ সেয়ে মিত্রদেৱ মহন্তই লিখিছিল–
‘কাৰ নিচুকনি সনা শুনি বাণী ব্যথাপমা
চকুতে চকুৰ নীৰে লয় জিৰণি
চিৰ চেনেহী মোৰ ভাষা জননীহ্ল
কিন্তু অতি দুর্ভাগ্য আৰু পৰিতাপৰ বিষয় যে বর্তমান চৰকাৰী খণ্ডৰ অসমীয়া মাধ্যমৰ প্রায় চাৰি হেজাৰ বিদ্যালয় বন্ধ হৈ গৈছে৷ গাঁৱে-ভূঞে কাঠফুলাৰ দৰে গজালি মেলিছে ইংৰাজী মাধ্যমৰ বিদ্যালয়ে৷ অসমৰ অসামৰিক সেৱাৰ পৰীক্ষাত অসমীয়া ভাষাক দিয়া হৈছে এলাগিৰ স্থান৷
অমৰণ সৰগতো, মোৰেই ভাষা অসমীয়া বুলি গীত লিখা চৈয়দ আব্দুল মালিকৰ সেই সপোন যেন দিঠকতে অপূর্ণ৷
মাতৃভাষাৰ প্রতি অৱজ্ঞা আৰু অসন্মান এক কথাত নিন্দনীয়৷ ভাৰতবর্ষৰ উপ-ৰাষ্ট্রপতি ভি ভেংকায়া নাইডু ডাঙৰীয়াই বক্তৃতা প্রদান কৰা বিভিন্ন সভা-সমিতিত উপস্থিত থকাৰ উপৰি তেখেতক ব্যক্তিগতভাৱে লগ পোৱাৰ সৌভাগ্যও হৈছিল৷ সততে এটা কথাত তেওঁ গুৰুত্ব প্রদান কৰিছিল যে ‘আমি মাতৃভাষাক গুৰুত্ব আৰু প্রাধান্য দিব লাগে৷’
১৯৭৪ চনত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াক তেতিয়াৰ প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে ৰাষ্ট্রসংঘলৈ ভাৰতক প্রতিনিধিত্ব কৰিবলৈ প্রেৰণ কৰিছিল৷ তেওঁৰ লগত যোৱা বিষয়াসকলে তেওঁ ৰাষ্ট্রসংঘত ভাষণ দিয়াৰ পূর্বতে আলোচনা কৰিম বুলি ভাবি আছিল যদিও সেই কথা সম্ভৱ হৈ নুঠিল৷ ৰাতিপুৱা অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া সম্পূর্ণ সাজু হৈ সভাকক্ষলৈ বুলি ওলাল৷ লগত যোৱা বিষয়াসকল কিংকর্তব্যবিমূঢ়৷ বাজপেয়ী ডাঙৰীয়াৰ ভাষণৰ পাল পৰিল৷ তেওঁ মাতৃভাষা হিন্দীতে আৰম্ভ কৰিলে– ‘ৰাষ্ট্রসংঘত মই নতুন়, কিন্তু ভাৰতবর্ষ, ইয়াত সকলোৰে বাবে এক চিনাকি নাম৷’ এয়াই আত্মসন্মান৷ মাতৃভাষাৰ প্রতি শ্রদ্ধাৰ ই এক অপূর্ব নিদর্শন৷
বহু পিতৃ-মাতৃয়ে মোৰ সন্তানে অসমীয়াত কথা ক’ব নোৱাৰে বুলি গর্ব কৰা আৰু অসামৰিক সেৱাৰ পৰীক্ষাৰ পৰা মাতৃভাষা বিতাড়ন কৰা– বন্দনা, কল্পতৰু, আইদেউৰ বুলনি, অকণিৰ মেল আদি মনোগ্রাহী অনুষ্ঠান শুনি সৰুৰে পৰা আমি ডাঙৰ হৈছোঁ৷ সেই আকাশবাণীৰ মিডিয়াম ৱেভ বন্ধ কৰিব খোজা সিদ্ধান্ত আত্মঘাতী৷ মাতৃভাষাৰ বাবেই ৰঞ্জিত বৰপূজাৰী, সূর্য বৰা, অনিল বৰা, মোজাম্মিল হক, নৰেন মহন্ত, প্রমোদ বৰা, বলীন ৰাজখোৱাই প্রাণ দিছিল৷ সেই তেজৰ মূল্যক সন্মান দি ভূপেন হাজৰিকাই সকীয়াই দি কৈছিল–
‘অসমীয়া জাতিটোৱে অসমীয়া ক’বলৈ
কাকনো কৰিছে বলাৎকাৰহ্ল
অসমীয়া ভাষাটিৰ অসমতে নাই জানো
যোগ্যতা পোৱাৰ অধিকাৰ?’
আমি সেই কথা কেতিয়া বুজি পাম?
Comments