গুৱাহাটী, ২৭ ডিচেম্বৰ : প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ওপজা দিন উপলক্ষে গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত আয়োজিত এক অনুষ্ঠানত ভাগ লৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিজেপি নেতাক নিৰাপত্তাৰক্ষী ঘূৰাই দিবলৈ আহ্বান জনোৱাৰ পিছত এতিয়া বাৰুকৈয়ে অস্বস্তিত পৰিছে বিজেপিৰ বহু নেতা-পালিনেতা।কিয়নো, জীৱনৰ নিৰাপত্তাৰ প্ৰতি কোনো ভাবুকি নথকা স্বত্বেও একাংশ নেতা-পালিনেতাই একমাত্ৰ শাসক দলৰ লোক হোৱাৰ বাবেই ষ্টেটাছ চিম্বল হিচাপে দুজনৰ পৰা চাৰিজনকৈ দেহৰক্ষী অথবা পি এছ অ' লৈ ঘূৰা-পকা কৰি আহিছে ।
মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছত অস্বস্তিত পৰা তেনে নেতা-পালিনেতাৰ সংখ্যাই সৰহ।কিন্তু কোনেও মুখ খুলি ইয়াৰ বিৰোধ কৰিব বিচৰা নাই । ৰাজ্যিক বিজেপিৰ এক সুত্ৰৰ পৰা প্ৰাপ্ত খবৰ অনুসৰি, সম্প্ৰতি ৰাজ্যৰ বাহিৰত থকা মুখ্যমন্ত্ৰী গুৱাহাটীলৈ ঘূৰি অহাৰ পিছতেই বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই একাংশ দলীয় নেতাৰ দেহৰক্ষী, পি এছ অ' প্ৰত্যাহাৰ কৰিবলৈ গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰীক আনুষ্ঠানিকভাৱে প্ৰস্তাৱ দিব । তাৰ পিছতেই গৃহ বিভাগে আৰম্ভ কৰিব সেইসকল নেতা-পালিনেতাৰ পি এছ অ' প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া ।
কিন্তু প্ৰশ্নটো হ'ল কোন পৰ্যায়ৰ বিজেপি নেতাৰ পি এছ অ' প্ৰত্যাহাৰ কৰিব ৰাজ্যৰ গৃহ বিভাগে ?দলীয় সূত্ৰটোৱে সদৰী কৰা মতে, প্ৰথম পৰ্যায়ত জিলা আৰু মহকুমা পৰ্যায়ৰ একাংশ বিজেপি নেতাৰ পি এছ অ' প্ৰত্যাহাৰৰ বাবে দলীয় সভাপতিগৰাকীয়ে মুখ্যমন্ত্ৰীক প্ৰস্তাৱ আগবঢ়োৱাৰ সম্ভাৱনা আছে ।লক্ষণীয় যে, মুখ্যমন্ত্ৰীৰ এই আহ্বানৰ পিছতেই স্ব-ইচ্ছাই ইতিমধ্যে এগৰাকী জিলা পৰ্যায়ৰ বিজেপি নেতাই তেওঁৰ দুই দেহৰক্ষীক স-সন্মানে গামোচা পিন্ধাই বিদায় দিছে । এই বিজেপি নেতাগৰাকী হ'ল কৰিমগঞ্জ জিলা বিজেপিৰ সভাপতি সুব্ৰত ভট্টাচাৰ্য । জিলা আৰক্ষী অধীক্ষক পদ্মনাথ বৰুৱাক এই বিষয়ে আনুষ্ঠানিকভাৱে অৱগত কৰি এইগৰাকী বিজেপি নেতাই তেওঁৰ দুজনকৈ দেহৰক্ষীক বিদায় দিয়ে ।
Comments