গুৱাহাটী,৩০ ডিচেম্বৰ:বলীউডৰ অভিনেত্ৰী দিশা পাটানি তেওঁৰ ফিটনেছ আৰু সুন্দৰ অভিনয়ৰ বাবে জনপ্ৰিয়। দিশা পাটানিয়ে ইতিমধ্যে বহুকেইখন ছবিত নিজৰ উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াইছে। কিন্তু পূৰ্বতে, দিশা পাটানিয়ে কেতিয়াও অভিনেত্ৰী হ’ব বিচৰা নাছিল। দিশা পাটানিয়ে নিজেই এক সাক্ষাৎকাৰৰ মাজত এই কথা প্ৰকাশ কৰে যে অভিনেত্ৰী হোৱাটো কেতিয়াও তেওঁৰ সপোন নাছিল।
তেওঁ ভাৰতীয় বায়ু সেনাৰ এগৰাকী পাইলট হ’ব বিচাৰিছিল। ভাগ্যইহে তেওঁক অভিনয় ক্ষেত্ৰখনলৈ লৈ আনিছিল। দিশা পাটানিয়ে সুশান্ত সিং ৰাজপুতৰ ‘এম এছ ধোনী: দ্য আনটোল্ড ষ্টৰী’ ৰ জৰিয়তে বলীউডত সফলতাৰ জখলা বগাবলৈ সক্ষম হোৱাৰ লগতে এই ছবিখনৰ পৰাই হিন্দী চলচ্চিত্ৰৰ জগতখনত আত্মপ্ৰকাশ কৰিছিল।
দিশা পাটানিয়ে সাক্ষাৎকাৰত কয় যে, ” লক্ষ্ণৌত অভিযান্ত্ৰিক প্ৰতিষ্ঠান এটাত কাম কৰি থকা সময়ত এজন বন্ধুৱে তেওঁক মডেলিং প্ৰতিযোগিতাৰ বিষয়ে কৈছিল।" সেই প্ৰতিযোগিতাৰ মানুহে তেওঁলোকক মুম্বাইলৈ লৈ আহিছিল। তেওঁ সেই প্ৰতিযোগিতাখন জিকিছিল আৰু ইয়াৰে পিছত দিশাই মডেলিং প্ৰকল্পত কাম কৰা আৰম্ভ কৰিছিল। দিশাই কৈছিল যে,তেওঁ কলেজৰ দিনৰ পৰাই উপাৰ্জন কৰিবলৈ আৰম্ভ কৰিছিল।
Comments