গুৱাহাটী,৩০ ডিচেম্বৰ:অতিমাৰিৰ দুৰ্বিহ পৰিৱেশৰ মাজত দীর্ঘদিন বন্ধ হৈ আছিল চিনেমা হল। কিন্তু ক'ভিড সংক্ৰমনে কিছু স্বস্তি দিয়াৰ পিছতেই এখনৰ পিছত আনখন ছবিয়ে মুক্তিলাভ কৰিছে চিনেমা হলত। অতিমাৰিৰ দ্বিতীয় বর্ষ পাৰ কৰাৰ পূৰ্বেই এক নতুন ৰেকর্ড গঢ়িলে ‘স্পাইডাৰ মেন : ন’ ৱে হোম’-এ। এই পর্যন্ত বক্স অফিচ সংগ্ৰহৰ পৰা জানিব পৰা গৈছে যে অতিমাৰিৰ পৰিবেশতো সমগ্ৰ বিশ্বৰ ভিতৰত এইখনেই প্রথম ছবি যিয়ে ১ বিলিয়ন ডলাৰৰ সীমা পাৰ কৰিছে। ভাৰতীয় মূল্যত যাৰ পৰিমাণ ৭,৫০০ কোটি টকা।
অতিমাৰিৰ পূৰ্বে ২০১৯ চনত মুক্তিপ্রাপ্ত ‘ষ্টাৰ ৱাৰ্ছ: দ্য ৰাইচ অব স্কাইৱাকাৰ’-এ অন্তিমবাৰৰ বাবে এই ৰেকর্ড গঢ়িছিল। এক আন্তর্জাতিক বিনোদন সংস্থাৰ ৰিপোর্ট মতে, ১২ দিনৰ ভিতৰতেই এই ৰেকর্ডৰ মাইলৰ খুঁটি স্পৰ্শ কৰে স্পাইডাৰ মেনে। চীনৰ ‘দ্য বেটল এট লে’ক চেংজিন’ৰ বক্স অফিচ সংগ্ৰহ আছিল ৯০২ মিলিয়ন ডলাৰ। ২৫ সংখ্যক জেমছ বণ্ডৰ ছবি ‘ন’ টাইম টু ডাই’-এ ৭৭৪ মিলিয়ন ডলাৰৰ ব্যৱসায় কৰিছিল। দুয়োখন ছবিকেই পিছ পেলালে এই ছবিখনে।
হলিউডৰ এই ছবিখন কেৱল বিদেশতে নহয়, ভাৰততো কৰিছে ৰমৰমীয়া ব্যৱসায়। প্রথম দিনাই ভাৰতত বক্স অফিচ সংগ্ৰহ ৩২ কোটি ৬৭ লক্ষ টকা। অক্ষয় কুমাৰ-কেটৰিনা কাইফ অভিনীত সদ্য মুক্তিপ্রাপ্ত ছবি ‘সূর্যবংশী’কো চেৰ পেলাইছে এই ছবিখনে। উল্লেখ্য, ‘সূর্যবংশী’য়ে প্রথমদিনা বক্স অফিচত ব্যৱসায় কৰিছিল ২৬ কোটি ২৯ লক্ষ টকা।
Comments