Classifieds
View All
গুৱাহাটী, ২৯ ডিচেম্বৰঃ ৰাজ্যখনত পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰিবৰ বাবে, মেঘালয় চৰকাৰে খাৰকুট্টা অঞ্চলত পৰ্যটকৰ আকৰ্ষণৰ তালিকাত পেৰাগ্লাইডিং প্ৰৱৰ্তন কৰিছে।
এক প্ৰতিবেদন অনুসৰি, উত্তৰ গাৰো পাহাৰৰ এক জনপ্ৰিয় বনভোজ আৰু পৰ্যটন স্থলী ৰং'মা গিটিলত খাৰকুট্টাৰ বিধায়ক ৰুপাৰ্ট মমিনে এই প্ৰচেষ্টাটো আৰম্ভ কৰিছে।
বিষ্ণু চেট্টিৰ নেতৃত্বত নেপালৰ এটা পেৰাগ্লাইডাৰ দলে খাৰকুট্টা অঞ্চলত পেৰাগ্লাইডিং আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় ঘাইপথ ১৭ ৰ মাজেৰে খাৰকুট্টালৈ যোৱাৰ মুখ্য পথ হৈছে গোৱালপাৰা জিলাৰ দৰঙ্গিৰিৰ পৰা, যি প্ৰায় ৫ কিলোমিটাৰ দূৰত আছে।
খাৰকুট্টা গাঁৱত এটা জলপ্ৰপাত আৰু এটা গুহা আছে আৰু ইয়াৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে জনাজাত। আনহাতে উক্ত পেৰাগ্লাইডিঙৰ বাবে বৰ্তমানলৈ কোনোধৰণৰ বিজ্ঞাপন প্ৰকাশ কৰা হোৱা নাই।
Comments