Classifieds
View All
গুৱাহাটী, ২৯ ডিচেম্বৰঃ দুদিনীয়া অসম আৰক্ষী অধীক্ষকৰ সন্মিলনখন ২০২২ চনৰ ৩ জানুৱাৰীৰ পৰা দুলিয়াজানত অনুষ্ঠিত হ'ব বুলি ৰাজ্যিক মন্ত্ৰী বিমল বৰাই মঙলবাৰে জানিবলৈ দিয়ে।
বৰাই লগতে কৈছিল যে, "উক্ত আৰক্ষী অধীক্ষকৰ সন্মিলনত ১২০ জনতকৈও অধিক আৰক্ষী বিষয়া উপস্থিত থাকিব।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও সন্মিলনখনত অংশগ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। লগতে, উক্ত বৈঠকত অসমৰ বৰ্তমানৰ আইন-শৃংখলা পৰিস্থিতিৰ বিষয়ে আলোচনা কৰা হ'ব, তেওঁ কয়।
ইয়Iৰ পূৰ্বৰ আৰক্ষী অধীক্ষকৰ সন্মিলনখন এই বছৰৰ জুন মাহত কাজিৰঙাত অনুষ্ঠিত হৈছিল।
Comments