গুৱাহাটী,২৮ জানুৱাৰী:আগন্তুক ২০২৪ত অন্ধ্ৰ প্ৰদেশত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব । ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) দলৰ ৰাজ্যিক সভাপতি সোমু বীৰৰাজুৱে প্ৰতিশ্ৰুতি দিছে যে যদি দলে এক কোটি ভোট পায় তেন্তে ৰাজ্যখনত সুৰাৰ মূল্য হ্ৰাস কৰিব ।
“ভাৰতীয় জনতা পাৰ্টিক এক কোটি ভোট দিয়ক আৰু আমি মাত্ৰ ৭০ টকাত সুৰা প্ৰদান কৰিম । যদি আমাৰ ৰাজহ অধিক হয়, তেন্তে মাত্ৰ ৫০ টকাত সুৰা প্ৰদান কৰিম,” মঙলবাৰে বিজয়ৱাড়াত এক ৰেলীক সম্বোধন কৰি বীৰৰাজুৱে কয় ।
বিজেপিয়ে পৰৱৰ্তী বিধানসভা নিৰ্বাচনত জগন মোহন ৰেড্ডীৰ নেতৃত্বৰ ৱাইএছআৰ কংগ্ৰেছ পাৰ্টী (ৱাইএছআৰচিপি) চৰকাৰক উৎখাত কৰাৰ লক্ষ্য লৈছে । বিজয়ৱাড়াত “প্ৰজা অগ্ৰহ সভা”ৰ আয়োজন কৰে অন্ধ্ৰ প্ৰদেশ বিজেপিয়ে ।
প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা প্ৰকাশ জাভড়েকাৰে ৰাজ্যখনৰ জনসাধাৰনক ২০২৪ চনত মুখ্যমন্ত্ৰী ৱাইএছ জগন মোহন ৰেড্ডী নেতৃত্বাধীন অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ দুৰ্নীতিপূৰ্ণ আৰু ধ্বংসাত্মক শাসনৰ অৱসান ঘটাবলৈ আহ্বান জনায়।
Comments