আধুনিক জীৱনৰ সকলো ব্যাৱহাৰিক কাম-কাজৰ শুভাৰম্ভণ ঘটে নতুন ইংৰাজী বছৰৰ লগে লগে৷ আৰম্ভণিৰ এই মুহূর্তত ‘‘দিয়ক ঈশ্বৰে মোক (আমাক) নতুন জীৱনউছাহৰ নৱজাগৰণ’’ বুলি গাবৰ মন যায়৷ পৰিয়ালৰ, সমাজৰ, দেশৰ সকলো কল্মষ দূৰ হওক বুলি আশা কৰিবৰ মন যায়৷ সেই আশাৰে আমাৰ ৰাজ্যখনৰ জাতি-বর্ণ-ধর্ম-ভাষা-সম্প্রদায় নির্বিশেষে জ্ঞাপন কৰিছোঁ মোৰ অন্তৰভৰা শুভেচছা৷
বছৰটোৰ আৰম্ভণিৰ এমাহৰ আগৰ পৰা স্বাস্থ্যজনিত কাৰণত আমি অসমৰ বাহিৰত৷ দিল্লীৰ বাতৰি কাকতত অসমৰ খবৰ নোলায়৷ ম’বাইলত ওলোৱা খবৰ চকুৰে পঢ়িব নোৱাৰোঁ৷ কোনো কোনো শিৰোনাম দেখি কঁপি উঠোঁ– অসম, অসমীয়া ভাষা, অসমীয়া বর্ণাঢ্য জাতিটো থাকিবনে?
হয়, আমাক মহাবিদ্যালয় লাগে, বিশ্ববিদ্যালয় লাগে, মেডিকেল কলেজ লাগে৷ পিছে থকা মেডিকেল কলেজৰ পৰা কিমান বিভিন্ন বিষয়ৰ চিকিৎসক আমি উলিয়াইছোঁ? থকা মেডিকেল কলেজকেইখনত আৰু বিশ্ববিদ্যালয়কেইখনৰ শিক্ষকৰ শ-ৰ হিচাপত থকা খালী পদ পূৰণ কৰিব পাৰিছোঁনে?
বিশ্বৰ সকলো দেশৰ অত্যন্ত উচচস্তৰৰ শিক্ষাবিদ, চিন্তাশীলসকলে মাতৃভাষাৰে স্কুলৰ, অন্ততঃ মাধ্যমিক স্তৰলৈকে শিক্ষা দিব লাগে বুলি ক’লেও আমি নির্দেশ দিছোঁ যে উত্তৰ কাকতত ভাষাৰ ভুল-শুদ্ধ চাব নালাগে, বিষয়টোহে চাব লাগে৷ বিষয় হিচাপে ইংৰাজী ভাষা উপযুক্ত শিক্ষা দিব পৰা ইংৰাজীত পূর্ণ শতাংশ দখল থকা, প্রশিক্ষণযুক্ত শিক্ষক নিয়োগ কৰাৰ কার্যক্ষম আঁচনিৰে কাম কৰাৰ পৰিৱর্তে চৰকাৰীভাৱে বোলে ইংৰাজী মাধ্যমৰ স্কুল খোলাৰ ব্যৱস্থা কৰা হৈছে৷
‘জাতীয় বিদ্যালয়’ৰ আদর্শৰ প্রতি চকু দি আন গ্রহণযোগ্য নামেৰে এনে বিদ্যালয় প্রতিষ্ঠাৰ শুভ চিন্তা কৰিব নোৱাৰিনে? আনন্দৰাম বৰুৱা, কৃষ্ণকান্ত সন্দিকৈকে ধৰি বর্তমানৰ পণ্ডিতসকললৈকে অজস্র সুদক্ষ অসমীয়াই নিজৰ মাতৃভাষাৰ মাধ্যমেৰে স্কুলীয়া শিক্ষা গ্রহণ কৰিয়েই বিশ্বত অসমৰ মূৰ জিলিকাই থৈ গৈছে৷ আমি অন্ধ হ’বলৈ ধৰিছোঁ নেকি? এনে প্রচেষ্টা বংগৰ কথা নকৱেই, গুজৰাটতে কৰি চাওকচোন৷
হে ক্ষমতাশালীসকল, ক্ষান্ত হওক, মাতৃহত্যা, জাতিহত্যাৰ বাট নোমোকোলাই ভাষাটোক ইংৰাজীৰ সমান প্রচাৰক্ষম হ’ব পৰাকৈ আধুনিক সবল ৰূপ দি সর্বভাৰতীয় তথা আন্তর্জাতিক স্তৰলৈ নিব পৰা কৰক৷ নিজক ক্ষুদ্র বুলি ভবাৰ পৰিৱর্তে বৃহৎ কৰি তোলাৰ সংকল্প লওক৷
এই কথা সর্বজনবিদিত যে সুউচচ অট্টালিকা আৰু লাখটকীয়া গাড়ীয়ে মানুহৰ উন্নতিৰ পৰিচয় বহন নকৰে৷ বহন কৰে সামাজিক-ৰাজনৈতিক প্রবল শক্তিয়ে, উন্নতি পৰিচয় বহন কৰে দেশৰ মানুহৰ নিজৰ ভৰিতে থিয় দি বিশ্বৰ মানুহক সামৰি ল’ব পৰা জ্ঞানেহে৷ নতুন বছৰৰ আৰম্ভণিৰ এই মুহূর্তত আশা কৰিছোঁ ‘‘কৃপাময় জগদ্বিশ্বৰে’’ যেন আমাৰ ৰাজ্যৰ আৰু আমাৰ দেশৰ ক্ষমতাসীনসকলক সেই বাট দেখুৱাই আমাৰ ৰাজ্য তথা দেশখনৰ মংগল সাধন কৰাৰ মনোভাব দান কৰে৷ তেওঁবিলাকে যেন নিজক শাসক বুলি নাভাবি সেৱক বুলি ভাবে৷
Comments