গুৱাহাটী, ৩ জানুৱাৰীঃ৫ দিনীয়া কাৰ্যসূচীৰে উত্তৰ আৰু উজনি অসমত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।সোমবাৰে পুৱাই বিশ্বনাথ চাৰিআলিত উপস্থিত হৈ বামগাঁৱত অসমৰ ভিতৰতে প্ৰথম নতুনকৈ নিৰ্মাণ কৰা মডেল অংগনবাদী কেন্দ্ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভণি কৰে৷
মুখ্যমন্ত্ৰী শৰ্মাই মডেল অংগণবাড়ী কেন্দ্ৰতো উদ্বোধন কৰি আগন্তুক ৩ বছৰৰ ভিতৰত নতুনকৈ দহ হাজাৰ নতুন অংগনবাড়ী কেন্দ্ৰ স্থাপনৰ কথা জানিবলৈ দিয়ে৷আত্মসহায়ক গোটৰ মহিলাক চেক প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়,"অসমত এতিয়া নতুন নিয়ম চলিছে।
মহিলাসকলে চেকসমূহ লওতে চৰকাৰী বিষয়াক উৎকোচ নিদিব৷চৰকাৰী কাৰ্যালয়লৈ গ'লে কোনোবাই ধন বিচাৰিলে ভিডিঅ' কৰি ফেচবুকত দিব।উপায়ুক্তৰ কাৰ্যালয় বা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ গ'লে বিষয়া-কৰ্মচাৰীয়ে যদি উৎকোচ বিচাৰে, তেতিয়া কব- CM চাৰে আপোনাক চাহ খুৱাবলৈ কৈছে।"
Comments