গুৱাহাটী,৩১ ডিচেম্বৰ:কাঁহ শিল্পৰ বাবে বিখ্যাত সৰ্থেবাৰীৰ শিল্পৰ বৈচিত্ৰ্য আৰু শিল্পীৰ নিপুণ কলাৰ সুন্দৰ প্ৰদৰ্শন সৰ্ববিদিত।এই সৰ্ববিদিত আৰু জনপ্ৰিয় বৈচিত্ৰ্যৰ পৰিধি ভাঙি ওলাই আহিছিল এজন সাধাৰণ ব্যক্তি যিয়ে নিজৰ অসাধাৰন খেলৰ বাবেই তেতিয়াৰ ফিল্ড মাৰ্চেল ছেম মানিক্স'ৰ পৰা লাভ কৰিছিল ভলীবল খেলৰ পাৰ্গতালিৰ ডিপ্লমা। হয় আজি আমাৰ অঞ্চলৰ তেনে এজন ব্যক্তিৰ বিষয়ে লিখিবলৈ চেষ্টা কৰিছোঁ।তেখেত আন কোনো নহয়,তেখেত হৈছে অসম আৰক্ষীৰ প্ৰাক্তন পৰিদৰ্শক তথা সৰ্থেবাৰীৰ গৌৰৱ লক্ষেশ্বৰ মেধি ডাঙৰীয়া।
লক্ষেশ্বৰ মেধি ডাঙৰীয়াই ১৯৪৮ চনত সৰ্থেবাৰীৰ কাৰাকুছি গাওঁত জন্ম গ্ৰহণ কৰিছিল। গাঁৱৰ ভলীবল দলৰ ৰিজাৰ্ভড মেন লক্ষেশ্বৰ মেধি ডাঙৰীয়াই সৰ্থেবাৰী,কাৰাকুছি,গমূৰাৰ লগতে আঞ্চলিক ভাৱে বিভিন্ন ঠাইত কাৰাকুছিৰ হৈ ভলীবল খেলিবলৈ গৈছিল।১৯৭০ চনত প্ৰথম বাৰৰ বাবে লক্ষেশ্বৰ মেধি ডাঙৰীয়াই কাৰাকুছি গাঁৱক প্ৰতিনিধিত্ব কৰি টিহুলৈ ভলীবল খেলিবলৈ গৈছিল। সেয়ে আছিল তেখেতৰ প্ৰথম প্ৰতিযোগিতামূলক টুৰ্ণামেণ্ট তাৰপিছত যেন তেওঁ থমকি ৰোৱা নাছিল,এজন দক্ষ ভলীবল খেলুৱৈ বুলি চাৰিওফালে তেওঁৰ চৰ্চা হৈছিল।
তেওঁ ১৯৭১ চনত অসম আৰক্ষীত সহকাৰী উপ পৰিদৰ্শক হিচাপে যোগদান কৰে । টিহুত প'ষ্টিঙৰ সময়ত তেখেতে নলবাৰী জিলাৰ হৈ দুবাৰকৈ ১৯৭৩ আৰু ১৯৭৪ চনত জিলাভিত্তিত ভলীবল টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিছিল।ভলীবল খেলৰ প্ৰতি থকা অগাধ প্ৰেমৰ বাবে ১৯৭৫ চনত অসম আৰক্ষীৰ মূল ভলীবল দলত খেলিবলৈ তেখেতে সুযোগ লাভ কৰিছিল । তাৰে পিছত তেওঁ অসমৰ মূল জাতীয় দলৰ হৈ খেলাৰ লগতে ১৯৭৮ চনত উক্ত দলৰ কেপ্টেইন হোৱাৰো গৌৰৱ অৰ্জন কৰিছিল।১৯৭৮ চনতেই তেওঁ পঞ্জাৱৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিবিৰত দীৰ্ঘকালীন প্ৰশিক্ষণ গ্ৰহণ কৰি ফিল্ড মাৰ্চেল ছেম মানিক্স'ৰ পৰা লাভ কৰিছিল ইয়াৰ ডিপ্লমা।তাৰে পৰা ঘূৰি আহি তেখেতে নিৰন্তৰে অসম আৰক্ষীৰ ভলীবল দলক প্ৰশিক্ষণ দিছিল।১৯৮৪ চনত তেওঁ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মূল ভলীবল দলৰ প্ৰশিক্ষকৰো দায়িত্ব গ্ৰহণ কৰিছিল।১৯৮৬ চনত তেখেতে অসম আৰক্ষীৰ ভলীবল দলৰ পৰা অব্যাহতি লয় আৰু উপ-পৰিদৰ্শকলৈ পদোন্নতি লাভ কৰে।২০০৮ চনত তেওঁ পৰিদৰ্শক পদলৈ পদোন্নতি লাভ কৰি ২০১১ চনত অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান বিভাগৰ পৰিদৰ্শক হিচাপে অৱসৰ গ্ৰহণ কৰে।
অৱসৰ গ্ৰহণৰ পিছতো তেওঁলৈ উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মূল ভলীবল দলৰ প্ৰশিক্ষকৰো দায়িত্ব গ্ৰহণ কৰাৰ সুবিধা আহিছিল কিন্তু বিভিন্ন সমস্যাৰ বাবে তেওঁ তাত যোগদান নকৰিলে।
Comments