Choose Language

  • All  
  • English
  • অসমীয়া
0
0
6906

হালধি খোৱাৰ পৰা দূৰত থাকক এইসকল লোক, শৰীৰত পৰিব পাৰে বিৰূপ প্ৰভাৱ


Published on January 3, 2022 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

শীতকালত সেউজীয়া মটৰ খোৱাৰ উপকাৰিতা


Published on December 30, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ৩০ ডিচেম্বৰঃ প্ৰ'টিনসমৃদ্ধ সেউজীয়া মটৰ স্বাস্থ্যৰ বাবে বৰ লাভদায়ক। স্বাস্থ্য বিশেষজ্ঞসকলে জানিবলৈ দিয়া অনুসৰি, সেউজীয়া মটৰ হৈছে পুষ্টিৰ ভাণ্ডাৰ। সাধাৰণতে খাদ্য সামগ্ৰীত নিৰ্বাচিত পুষ্টি পোৱা যায়, কিন্তু মটৰ এনে এক খাদ্য সামগ্রী য'ত প্ৰায় সকলো পুষ্টি একেলগে পোৱা যায়। 

ইয়াত বহুপ্ৰকাৰৰ ভিটামিন যেনে, ভিটামিন এ, বি, চি, ই, কে পোৱা যায়। ইয়াৰ বাহিৰেও, মটৰত জিংক, পটাছিয়াম আৰু আঁহৰে সমৃদ্ধ। মটৰত বহু প্ৰকাৰৰ খনিজ, এণ্টিঅক্সিডেণ্ট আৰু ফাইটোনিউট্ৰিয়েণ্ট পোৱা যায়, যি চকুক কৰ্কট ৰোগৰ সৈতে যুঁজ দিয়াৰ পৰা সুৰক্ষিত কৰাত উপযোগী। 

আহাৰ বিশেষজ্ঞৰ মতে, সেউজীয়া মটৰত পালেং শাকতকৈ অধিক প্ৰ'টিন পোৱা যায়। ১০০ গ্ৰাম মটৰত প্ৰায় ৫ গ্ৰাম প্ৰ'টিন থাকে। সেউজীয়া মটৰ হৈছে এক আঁহ সমৃদ্ধ খাদ্য, যি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। 

সেউজীয়া মটৰ খোৱাৰ লাভালাভসমূহঃ

১. চকু

চকুৰ বাবে উপকাৰী কেৰোটিনইড লুটিন আৰু জেক্সান্থিন মটৰত পোৱা যায়, যি চকুক ছানিৰ পৰা আৰম্ভ কৰি বহুতো ৰোগৰ পৰা সুৰক্ষিত কৰে।

২. ৰোগ-প্ৰতিৰোধী ক্ষমতা

সেউজীয়া মটৰত বহু প্ৰকাৰৰ এণ্টিঅক্সিডেণ্ট পোৱা যায়, যি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। 

৩.স্মৃতিশক্তি বৃদ্ধি কৰে

তেজত শৰ্কৰাৰ পৰিমাণ সন্তুলিত কৰাত মটৰ সহায়ক। ই শৰীৰক দ্ৰুত শক্তি প্ৰদান কৰে। ই স্মৃতিশক্তি বৃদ্ধি কৰাতো কাৰ্যকৰী। 

৪. গাঁঠি ফুলা উপশম কৰে

সেউজীয়া মটৰত গাঁথি ফুলা উপশম কৰাৰ গুণাগুণ থাকে। ইয়াৰ ফলত, ই মধুমেহ, হৃদৰোগ আৰু আৰ্থ্ৰাইটিছৰ আশংকা হ্ৰাস কৰে।

৫. জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়া সক্ৰিয় কৰে

মটৰে কেৱল পাচন খাদ্য নহয়, বৰঞ্চ ই জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়াকো উন্নত কৰে। ইয়াত যথেষ্ট পৰিমাণৰ আঁহ থাকে যি পাচন তন্ত্ৰ শক্তিশালী কৰে। ই শৰীৰত ভাল বেক্টেৰিয়া বৃদ্ধি কৰে। 

৬. কোষ্ঠকাঠিন্যৰ পৰা সকাহ দিয়ে

ফাইবাৰ হৈছে এক দ্ৰৱণীয় পদাৰ্থ, যাক দ্ৰুততাৰে হজম কৰা হয়। সেয়েহে মটৰে কোষ্ঠকাঠিন্যৰ পৰা যথেষ্ট সকাহ প্ৰদান কৰে।

 

বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।

Cartoon
View Older

 

May 21, 2022


Entertainment
View Older


From Our Archive

Create Account