মৰিগাঁও,৩ জানুৱাৰী : ছাত্ৰ-ছাত্ৰীকে ধৰি ১৫-১৮ বছৰ বয়সৰ কিশোৰ -কিশোৰীক আজিৰে পৰা ক'ভিড প্ৰতিষেধক ভেকচিন প্ৰদানৰ কাৰ্যসূচী আৰম্ভ হৈছে মৰিগাঁও জিলাত। এই উপলক্ষে আজি মৰিগাঁও জিলা প্ৰশাসনৰ দ্বাৰা শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগৰ উদ্যোগত মৰিগাঁও নগৰৰ মৰিগাঁও শংকৰ মাধৱ মাধ্যমিক বিদ্যালয়ত কিশোৰ-কিশোৰী কভিড প্ৰতিষেধক ভেকচিন প্ৰদানৰ কাৰ্যসূচীটো আনুস্থানিক ভাবে পুৱাই উদ্ধোধন কৰে জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই।
উপায়ুক্ত গৰাকীয়ে উদ্ধোধন কৰি দিয়া ভাষণত কভিড প্ৰতিষেধক ভেকচিন গ্ৰহণ ক্ষেত্ৰত শংকিত নহবলৈ জনসাধাৰণক আহ্বান জনাই। তদুপৰি কিশোৰ-কিশোৰী সকলক ভেকচিন গ্ৰহণৰ বাবে উৎসাহিত কৰাত সহায় কৰিবলৈ সকলোৱে সহযোগীতা কামনা কৰি উপায়ুক্ত গৰাকীয়ে কয় জিলাখনৰ কিশোৰ-কিশোৰী সকলক কভিড প্ৰতিষেধক ভেকচিন প্ৰদানৰ প্ৰথম দিনটোত ১৬ টা কেন্দ্রত ৮০১১ জন কিশোৰ -কিশোৰীক ভেকচিন প্ৰদান কৰাৰ লগতে জিলাখনত ৪২ হাজাৰতকৈ অধিক কিশোৰ -কিশোৰীক এই ভেকচিন প্ৰদানৰ কাৰ্যসূচীয়ে সামৰি লব বুলি জানিবলৈ দি আজি উদ্বোধন কৰা শংকৰ মাধৱ মাধ্যমিক বিদ্যালয়ত মুঠ ১৭২ জন ছাত্ৰ -ছাত্ৰীক ভেকচিন প্ৰদান কৰা হয় বুলিও মন্তব্য কৰে।
অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰী,বিদ্যালয় সমূহৰ পৰিদৰ্শক বুলি গগৈ ভূঞা,যুটীয়া স্বাস্থ্য সঞ্চালক ডা০ নবীন ভূঞা,সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যসূচী ৰূপায়ণ বিষয়া ৰাজেন গোস্বামী,বিদ্যালয় খনৰ অধ্যক্ষা অন্নদা দেৱীকে প্ৰমূখ্যে কৰি বিদ্যালয় খনৰ ছাত্ৰ -ছাত্ৰী,শিক্ষক, কৰ্মচাৰী,স্বাস্থ্য কৰ্মীকে ধৰি ভালে সংখ্যক লোকে অংশ গ্ৰহণ কৰে।
Comments