দুলীয়াজানঃ ৩ জানুৱাৰীঃ অসম আৰক্ষীক জনতাৰ অধিক কাষ চপাই নিয়াৰ উদ্দেশ্যে প্ৰতি ছমাহৰ মূৰে মূৰে আৰক্ষী অধীক্ষকৰ সন্মিলন অনুষ্ঠিত কৰি অসম আৰক্ষীত যি সংস্কাৰ আনিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অহোপুৰুষাৰ্থ চেষ্টা কৰিছে¸ সেই সময়তে ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষৰ বৰ্বৰ অত্যাচাৰৰ প্ৰতিবাদত ৩০ ঘণ্টীয়া অনশনত বহিছে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা ।
উল্লেখযোগ্য যে দুলীয়াজানৰ জালনি ক্লাব প্ৰেক্ষাগৃহত আজিৰেপৰা অনুষ্ঠিত হোৱা আৰক্ষী অধীক্ষকৰ সন্মিলনৰ সমান্তৰালভাৱে ইয়াৰ পৰা নাতিদূৰৈৰ পিপলতল তিনিআলিত সংগঠনটোৱে পুৱাৰে পৰা প্ৰতিবাদ সাব্যস্ত কৰিছে । বিগত বৰ্ষৰ ২৫ ডিচেম্বৰত ডিব্ৰু মহাবিদ্যালয়ত সংঘটিত ছাত্ৰ একতা সভাৰ নিৰ্বাচনকেন্দ্ৰিক এক সংঘাটৰ পৰিণতিত আছুকৰ্মীৰ ওপৰত আৰক্ষীৰ বৰ্বৰ অত্যাচাৰৰ প্ৰতিবাদত¸ প্ৰতিজন আছুকৰ্মীক বিনাচৰ্তে মুকলি আৰু দোষী আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ ওপৰত আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত জিলাখনৰ প্ৰতিখন আঞ্চলিকৰ কেইবা শ আছুকৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছে ।
সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অনিল গগৈ¸ জিলা ছাত্ৰ সন্থাৰ সভাপতি বুলবুল দত্ত¸ সম্পাদক অৱনী কুমাৰ গগৈ¸ উপ-সভাপতি ধনজিৎ সন্দিকৈ¸ সহঃ সম্পাদক আব্দুল ছাত্তাৰ¸ সাংস্কৃতিক সম্পাদক কনক গগৈ¸ কাৰ্যনিৰ্বাহক সদস্য প্ৰদীপ গগৈ¸ দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বুবুল তালুকদাৰ¸ সাধাৰণ সম্পাদক দিপাংকৰ গগৈকে ধৰি উপস্থিত প্ৰতিবাদকাৰীসকলে অভিযোগ কৰা অনুসৰি ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত সশস্ত্ৰ বাহিনীৰ দলে উগ্ৰপন্থী কৰায়ত্ত কৰাৰ কায়দাৰে শ্বহীদ ন্যাসৰ ভিতৰত প্ৰৱেশ কৰি উক্ত দিনা শ্বহীদ বেদী জোতাৰে গচকাৰ লগতে আছুৰ সদস্যক আটক কৰি নি থানাৰ ভিতৰত আই-বাই-ভনীক উদ্দেশ্যি অকথ্য গালি-গালাজ আৰু মাৰপিট কৰিছিল ।
আনহাতে এই ঘটনাত ডিব্ৰুগড় সদৰ থানাৰ উপ-আৰক্ষী অধীক্ষক ঐশ্বৰ্য জীৱন বৰুৱাও জড়িত হৈ আছু কৰ্মীসকলক শাৰিৰীক নিৰ্যাতন চলোৱাৰো অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে । প্ৰতিবাদকাৰীসকলে ঐশ্বৰ্য জীৱন বৰুৱাই বক্ৰ পথেৰে চাকৰি লৈ এ পি এছ চি কেলেংকাৰীত নাম সাঙোৰ খাই পৰা অভিযোগ তুলি মুখ্যমন্ত্ৰীক এই দুয়োজন আৰক্ষী বিষয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ।
যদিহে এনে গুণ্ডা প্ৰকৃতিৰ আৰক্ষীৰ ওপৰত মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আৰক্ষী অধীক্ষক সন্মিলন অনুষ্ঠিত কৰাটো অৰ্থহীন হ’ব¸ আইন শৃংখলা ভংগ হ’ব আৰু আৰক্ষী বিষয়াসকলে বে-আইনীভাৱে জনসাধাৰণক অত্যাচাৰ কৰিব বুলিও ক্ষোভ উজাৰে । বাতৰি লিখা পৰ্যন্ত আছু কৰ্মী সকলে অনশন কাৰ্যসূচী অব্যাহত ৰাখিছে।
Comments