গুৱাহাটী,৪ ডিচেম্বৰ: ক'ভিডত আক্ৰান্ত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। তেওঁৰ শৰীৰত কভিডৰ মৃদু লক্ষণ ধৰা পৰিছে। মঙ্গলবাৰে পুৱা টুইট কৰি নিজেই এই কথা জনাইছে। কেজৰিৱালে লিখিছে, ‘মই ক'ভিড পজিটিভ। মোৰ শৰীৰত মৃদু লক্ষণ আছে। ঘৰতেই কোৱৰেণ্টিনত আছো। যিসকল মোৰ সংস্পর্শলৈ আহিছিল তেওঁলোকলৈ অনুৰোধ, ক'ভিড পৰীক্ষা কৰাই লওক। কোৱৰেণ্টিনত থাকক।’
উল্লেখযোগ্য যে, দিল্লীত ক'ভিড সংক্রমণ তীব্ৰ গতিত বাঢ়িছে। লগতে বাঢ়িছে অমিক্রন আক্রান্তৰ সংখ্যাও। সংক্রমণৰ পৰিস্থিতি চাই দেওবাৰেই কেজৰিৱালে দিল্লীবাসীক উদ্বিগ্ন হ’বলৈ অনুৰোধ কৰিছে। মঙ্গলবাৰে ৰাজধানীৰ কভিড পৰিস্থিতি সন্দৰ্ভত দুৰ্যোগ ব্যৱস্থাপনা কমিটিৰে এক পর্যালোচনা বৈঠকত তেওঁ মিলিত হ’ব বুলি সূত্রৰ খবৰ।
সোমবাৰে দিল্লীত কভিড সংক্রমণৰ হাৰ বা পজিটিভিটি ৰেট আছিল ৬.৪৬ শতাংশ। প্রশাসন সূত্রৰ খবৰ মতে, যদি সংক্রমণৰ হাৰ একেলগে দুদিনৰ বেছি সময়ৰ বাবে ৫ শতাংশৰ ওপৰত থাকে, তেনেহ’লে চৰকাৰে চূড়ান্ত সতর্কতা আৰু কঠোৰ বাধা-নিষেধ জাৰি কৰিব পাৰে। বর্তমান ৰাজধানীত হালধীয়া সতর্কতা বাহাল আছে।
Comments