গুৱাহাটী,৪ জানুৱাৰী:কেন্দ্ৰীয় চৰকাৰৰ নতুন তথ্য-প্ৰযুক্তি আইনৰ অধীনত বিগত বৰ্ষত ৭০ লক্ষাধিক ভাৰতীয়ৰ ৱাটছএপ বন্ধ কৰি দিলে ফেচবুক মালিকানাধীন কোম্পানীটোৱে। নতুন তথ্য-প্রযুক্তি আইন অনুসৰি ছেপ্টেম্বৰ মাহত এটা ৰিপোর্ট দাখিল কৰি ৱাটছএপে কৈছিল যে তেওঁলোকে উক্ত মাহত ২২ লক্ষাধিক ৱাটছএপ একাউণ্ট বন্ধ কৰি দিছিল।
উল্লেখযোগ্য যে ২০২১ চনৰ ২৬ মে’ৰ পৰা কার্যকৰী হোৱা ভাৰতৰ নতুন তথ্য-প্রযুক্তি আইন অনুসৰি ৫০ লক্ষাধিক গ্রাহক থকা এপ বা অন্য কোনো প্লাটফৰ্মে মাহিলি ৰিপোর্ট প্রকাশ কৰিব লাগিব। ইয়াৰ পূৰ্বে আগষ্টৰ আৰম্ভণিত প্ৰকাশ কৰা ৰিপোর্ট অনুযায়ী সেই সময়ছোৱাত ৩০ লাখ ভাৰতীয়ৰ একাউণ্ট নিষিদ্ধ কৰিছিল ৱাটছএপে।
আনহাতে, ১ নৱেম্বৰত প্রকাশিত ৰিপ'র্ট অনুযায়ী ছেপ্টেম্বৰ মাহত কোম্পানীটোৱে মুঠ ৫৬০টা অভিযোগ লাভ কৰাৰ বিপৰীতে আগষ্টত ৪২০টা অভিযোগ দাখিল কৰিছিল। সেইবোৰৰ ভিত্তিতেই এই পদক্ষেপ গ্ৰহণ কৰে ৱাটছএপে। নৱেম্বৰ মাহত পোৱা ৬০২টি অভিযোগৰ ভিত্তিত ১৭.৫ লাখৰো অধিক ভাৰতীয়ৰ ৱাটছএপ একাউন্ট বন্ধ কৰিছিল কোম্পানীটোৱে।
Comments