গুৱাহাটী,৪ জানুৱাৰী:জনপ্ৰিয় অভিনেত্ৰী মালাইকা আৰোৰা আৰু অভিনেতা অৰ্জুন কাপুৰৰ বয়সৰ ব্যৱধান আছে। ছ’চিয়েল মিডিয়াত প্ৰায়ে তেওঁলোকৰ এই বিষয়ক লৈ ট্ৰ'ল কৰে বিভিন্নজনে। দুয়োজনৰ মাজত বয়সৰ ব্যৱধান প্ৰায় ১২ বছৰ বুলি কোৱা হয়। অভিনেতা অৰ্জুন কাপুৰে শেহতীয়াকৈ এই ট্ৰ'ল সমূহৰ প্ৰতি উত্তৰ দিছে। অৰ্জুন কাপুৰ আৰু মালাইকাৰ ওপৰত এই বয়সৰ ব্যৱধানে কি পাৰ্থক্য আনিছে অথবা ইয়াক লৈ তাৰকদ্বয়ে কি ভাবে? অৰ্জুনে এনে প্ৰশ্নৰ উত্তৰ মুকলিকৈ দিয়ে।
এক সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত অৰ্জুন কাপুৰে কয় যে, সংবাদ মাধ্যমেই এনে লোকৰ মন্তব্য চায় আৰু পঢ়ে, আমি তেওঁলোকৰ ৯০ শতাংশই দেখা নাপাওঁ। ট্ৰ'লিঙক ইমান গুৰুত্ব দিব নোৱাৰি কিয়নো সেইবোৰ সকলো ভুৱা। ইয়াৰ বিষয়ে ইমান চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। অৰ্জুনে স্পষ্টকৈ কয় যে, যিসকলে তেওঁক ট্ৰ’ল কৰে সেয়া তেওঁৰ বাবে গুৰুত্বপূৰ্ণ নহয়। আৰু সম্ভৱতঃ মালাইকাও ইয়াৰ দ্বাৰা প্ৰভাৱিত নহয়।
মালাইকাই এবাৰ এইটোও কৈছিল যে, “আমাৰ সম্পৰ্ক এনে ধৰণৰ নেতিবাচকতা মন্তব্যতকৈ অধিক গুৰুত্বপূৰ্ণ।”উল্লেখ্য যে, অৰ্জুন কাপুৰৰৰ বয়স ৩৬ বছৰ হোৱাৰ বিপৰীতে মালাইকাৰ বয়স ৪৮ বছৰ। সেই অনুসৰি, দুয়োজনৰ মাজত ১২ বছৰৰ ব্যৱধান আছে।
Comments