গুৱাহাটী,৪ জানুৱাৰী: গুৱাহাটীৰ জু-ৰোডস্থিত ইনষ্টিটিউট অৱ মাছ কমিউনিকেচন এণ্ড মিডিয়া ষ্টাডিচৰ গুৱাহাটী কেন্দ্রই আজি প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। দিনজোৰা কাৰ্যসূচীৰে আজি গুৱাহাটীৰ কাৰ্য্যালয়ত উদযাপন কৰা উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা সাংবাদিক দিপক শৰ্মা, যুৱ সাংবাদিক নেত্ৰজিৎ বৰা, প্ৰাণজিৎ নেওঁগ, সুস্মিতা শৰ্মা, লেখিকা ড০ ত্ৰিবেনী বৰুৱা শৰ্মা, অনিৰ্বান পাঠক, শ্বাহ আলম আলি, ৰিম্পী গগৈ, দা আছাম ট্ৰিবিউন ৰ ষ্টাফ ৰিপৰ্টাৰ মানস প্ৰতীম দত্তকে আদি কৰি কেইবাগৰাকী যুৱ সাংবাদিক আৰু সাহিত্যিক।
এবছৰৰ ভিতৰতে শিক্ষানুষ্ঠানখনে কেইবাগৰাকী শিক্ষাৰ্থীক সাংবাদিক হিচাপে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হোৱাৰ লগতে বৰ্তমান প্ৰায় ৭০ গৰাকী শিক্ষাৰ্থীৰে শিক্ষানুষ্ঠানখন পৰিচালিত হৈ আছে। ২০২১ চনৰ ৪ জানুৱাৰীত স্থাপন হোৱা শৈক্ষিক প্ৰতিষ্ঠানখনে যোগাযোগ আৰু সাংবাদিকতাৰ ক্ষেত্রত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। শিক্ষানুষ্ঠানখনৰ পৰিচালন সঞ্চালক মুন তালুকদাৰে জনায় যে " শৈক্ষিক ক্ষেত্রখনৰ লগতে যোগাযোগ আৰু সাংবাদিকতাৰ দিশত কৰিবলগীয়া যথেষ্ট আছে। আমি গৌৰান্বিত যে সকলোৰে ঐকান্তিক প্ৰচেষ্টাৰে গঠিত এই শিক্ষানুষ্ঠানখনে এটা বছৰ সম্পন্ন কৰিছে। "
Comments