ধেমাজি , ৪ জানুৱাৰী ঃসদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ এটি সজাতি দলে আজি ধেমাজিৰ চকুলো খ্যাত জীয়াঢল নদীৰ সোঁপাৰৰ অৰ্জুন চাপৰিত নিৰ্মীয়মাণ হৈ থকা মঠাউৰি পৰিদৰ্শন কৰে। উল্লেখ্য যে - ধেমাজিবাসীৰ চকুলো স্বৰূপ জীয়াঢল নদীয়ে প্ৰতি বছৰে ধেমাজিৰ বিস্তৃৰ্ণ অঞ্চলৰ লগতে সমগ্ৰ পশ্চিম ধেমাজি আৰু ঢকুৱাখনা মহকুমাৰ ঘিলামৰাৰ বৃহত্তৰ অঞ্চলত ক্ষতি সাধন কৰি আহিছে।
ছাত্ৰ সংগঠনটোৰ লগতে বিভিন্ন দ'ল সংগঠন আৰু অঞ্চলবাসী ৰাইজে জীয়াঢল নদীখনৰ উন্মুক্ত হৈ থকা ৮ কি.মি মঠাউৰিৰ লগতে দুয়োপাৰৰ মথাউৰি বিজ্ঞান সন্মত ভাৱে নিৰ্মান কৰি জীয়াঢল নদীখনক স্থায়ী নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনাই আহিছিল ৷ ছাএ সংগঠনটোৱে আজি প্ৰায় ৫ কোটি টকাৰে উন্মুক্ত হৈ থকা মথাউৰিৰ ৮২০০ মিটাৰৰ পৰা ১০২০০ মিটাৰৰ অংশত উপস্থিত হৈ বালিৰে মথাউৰি নিৰ্মাণ কৰা আৰু প্ৰাক্কলন অনুসৰি কাম নকৰাৰ অভিযোগ উত্থাপন কৰে।
বাৰিষাৰ সময়ত প্ৰতি বছৰে শংকাত থকা ৰাইজে এইবাৰ শংকামুক্ত হৈ থকাৰ যি পৰিৱেশ সৃষ্টি কৰিব লাগিছিল বুলি ছাএ সংগঠনটোৱে উল্লেখ কৰি চৰকাৰখনে বিভিন্ন সময়ত কেৱল প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে বুলি অৱগত কৰে ৷ এইবাৰ প্ৰতিশ্ৰুতিৰ পৰিবৰ্তে ৰাইজে ফল আশা কৰিছে বুলি আলোকপাত কৰি জলসম্পদ বিভাগে বাৰিষা কালত মঠাউৰি নিৰ্মাণৰ নামত পুঁজি আবণ্টন কৰি লুটি পুটি খোৱা কাৰ্য কোনো কাৰণত মানি লোৱা নহ'ব বুলি সকীয়াই দিয়ে।
ছাএ সংগঠনটোৱে নদীখনৰ উন্মুক্ত হৈ থকা বাকী ৬ কি.মি.ৰ লগতে জীয়াঢল-কুমতীয়াৰ নৈৰ দুয়োপাৰৰ মথাউৰিৰ কাম অতি সোনকালে আৰম্ভ কৰিবলৈ দাবী জনাই অন্যথা ছাত্ৰ সন্থাই পুনৰ ৰাইজৰ সহযোগত সংগ্ৰাম আগবঢ়ায় লৈ যাব বুলিহে অৱগত কৰে ৷ আজি সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপক শৰ্মা আৰু সাধাৰণ সম্পাদক কল্যাণ গগৈ , সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক মন্টুৰাজ বৰুৱা আৰু কাৰ্যনিৰ্বাহক সদস্য ৰাজীৱ গগৈৰ লগতে সংগঠনটোৰ ভালেসংখ্যক কৰ্ম কৰ্ওা উপস্থিত থাকে ৷
Comments