Classifieds
View All
গুৱাহাটী,৫ জানুৱাৰী:আজি কটন বিশ্ববিদ্যালয় ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হয়। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ (এছএমএছএছ) অভিষেক মহন্তই কটন বিশ্ববিদ্যালয় ছাত্ৰ সন্থানিৰ্বাচনৰ সাধাৰণ সম্পাদক পদত ৩৫৬ টা ভোটত জয়লাভ কৰিছে। তেওঁ মুঠ ১৩৫৯ টা ভোট লাভ কৰিছিল।
অসম ছাত্ৰ পৰিষদৰ নিয়ৰ ডেকাই সভাপতি পদত জয়লাভ কৰিছে আৰু হিনা দেওৰীয়ে উপ-সভাপতিৰ পদত জয় লাভ কৰিছে।চন্দ্ৰজ্যোতি বানিয়াই সাংস্কৃতিক সম্পাদকৰ পদত জয়লাভ কৰাৰ লগতে নয়নমনি কলিতাই ক্ৰিকেট সম্পাদকৰ পদত জয়লাভ কৰে।
প্ৰতিবেদন অনুসৰি এই নিৰ্বাচনত ৫৮.৩ শতাংশ ভোটদান সম্পন্ন হৈছিল। মুঠ ৪৫ জন প্ৰাৰ্থীয়ে ১৬ টা পদত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল।
Comments