গুৱাহাটী, ৫ জানুৱাৰী: শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত কৰ্মদেৱ ব্ৰহ্মৰ সভাপতিত্বত যোৱা ৩ জানুৱাৰীত উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত আগন্ত্তক গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত জিলাখনৰ বিশিষ্ট ব্যক্তি, জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া তথা জিলাখনৰ প্ৰশাসনিক বিষয়াসকলৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়৷
সভাত আগন্তুক গণৰাজ্য দিৱসৰ বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয় আৰু কভিড-১৯ সম্পৰ্কীয় নীতি-নিৰ্দেশনা পালন কৰি বিগত দিন সমূহত কৰি অহাৰ দৰেই এইবাৰো গণৰাজ্য দিৱস উলহ-মালহেৰে আৰু বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হ'ব বুলি অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে মত প্ৰকাশ কৰে৷ তেওঁ গণৰাজ্য দিৱস সফলতাৰে উদযাপন কৰাৰ ক্ষেত্ৰত সকলো বিভাগ তথা জিলাবাসীৰ সহায়- সহযোগিতা কামনা কৰে৷
উল্লেখযোগ্য যে, গণতন্ত্ৰ দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠান স্থানীয় বৰ্ডিং খেলপথাৰত অনুষ্ঠিত কৰা হ'ব। গণতন্ত্ৰ দিৱসৰ দিনযোৱা কাৰ্যসূচী মৰ্মে অহা ২৬ জানুৱাৰীত পুৱা ৫:০০ বজাৰ পৰা ৬:০০ বজালৈ প্ৰভাত ফেৰী; পুৱা ৬:০০ বজাৰ পৰা ৭:০০ বজালৈ দেশপ্ৰেমমূলক গীত-মাত প্ৰচাৰ; পুৱা ৭:০০ বজাত নিজ-নিজ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা উত্তোলন; পুৱা ৭:৩০ বজাত শিক্ষানুষ্ঠান, চৰকাৰী, বেচৰকাৰী, অৰ্ধ-চৰকাৰী কাৰ্য্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন; পুৱা ৮:৩০ বজাত পিয়লি ফুকন উদ্যান আৰু আনন্দৰাম বৰুৱা উদ্যানত শ্বহীদ তৰ্পণ কৰা হ'ব। পুৱা ৮:৩০ বজাত সকলো বিদ্যালয়- মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীয়ে নিজ- নিজ বিদ্যালয়ৰ পৰা সমদল কৰি আহি বৰ্ডিং খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা পতাকা উত্তোলন কাৰ্যসূচীত যোগদান কৰাৰ বাবে সমবেত হ'ব। পুৱা ৯:০০ বজাত বৰ্ডিং খেলপথাৰত আনুষ্ঠানিকভাৱে মুখ্য অতিথিয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পিছত আৰক্ষী, এন চি চি, স্কাউট আৰু গাইড, গৃহৰক্ষী বাহিনী, অৰ্ধ- সামৰিক বাহিনী আদিৰ দ্বাৰা কুচ-কাৱাজ প্ৰদৰ্শন, অভিবাদন গ্ৰহণ আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হ'ব।
তদুপৰি বিয়লি ২:০০ বজাত শিৱসাগৰ জিলা প্ৰশাসন আৰু শিৱসাগৰ প্ৰেছ ক্লাবৰ দলৰ মাজত প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত কৰা হ'ব।
কাৰ্যসূচীমৰ্মে, বিয়লি ৪:৪০ বজাত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা অৱনমন কৰা হ'ব।
সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী দলে, অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগ আৰু চন্দনা বৰুৱা, অতিৰিক্ত আৰক্ষী অধীক্ষক আৰিফ আহমেদ, মহকুমাধিপতি (সদৰ) মন্দিৰা বৰুৱা, শিৱসাগৰ পৌৰসভাৰ কাৰ্যবাহী বিষয়া মণালী প্ৰসাদ ৰজক, সহকাৰী আয়ুক্ত দীপাৱলী কুৰ্মী আৰু নিৰ্বাচনী বিষয়া সুগত সিদ্ধাৰ্থ গোস্বামী উপস্থিত থাকে৷
Comments