গুৱাহাটী,৬ জানুৱাৰী:টেঙ্কাৰৰ পৰা ৰাসায়নিক নিৰ্গত হৈ হোৱা দুর্ঘটনাত গুজৰাটত মৃত্যু হ’ল ছয়জন শ্রমিকৰ। আহত অতিকমেও ২০ জন। বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত এই দুর্ঘটনাত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশঙ্কা কৰা হৈছে।
আৰক্ষী সূত্র মতে, বৃহস্পতিবাৰে পুৱা ৪ বজাত গুজৰাট ঔদ্যোগিক উন্নয়ন নিগম (ডিআইডিচি)ৰ শচীন এলেকাত উক্ত দুর্ঘটনাটো ঘটে। মৃতকসকলৰ পৰিচয় জনাৰ চেষ্টা কৰিছে তদন্তকাৰী দলে। তেওঁলোকে সকলোৱেই চুৰাটৰ উক্ত এলেকাৰ এটি শাৰী কাৰখানাৰ শ্রমিক বুলি প্রাথমিকভাবে জানিব পৰা গৈছে।
আৰক্ষীয়ে জনোৱা মতে, ঘটনাৰ সময়ত ডিআইডিচি এলেকাত এখন ৰাসায়নিক ভর্তি টেঙ্কাৰৰ পৰা বর্জ্যপদার্থ উলিয়াই নর্দমাত পেলোৱাৰ সময়তে বিপত্তি ঘটে। টেঙ্কাৰখনত ৰাসায়নিক থকা বুলি অনুমান কৰা হৈছে। বতাহৰ সংস্পর্শলৈ উক্ত ৰাসায়নিক অহা মাত্রেই দুর্ঘটনাটো ঘটে।
প্রত্যক্ষদর্শীৰ মতে, ঘটনাটোৰ সময়ত ওচৰতেই এখন চাহৰ দোকানত বহি চাহ খাই আছিল বহু কেইজন শ্রমিকে। তেওঁলোকৰ বহুতেই অসুস্থ হৈ পৰে। অসুস্থসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি স্থানীয় হস্পিটেললৈ লৈ যোৱা হয় যদিও তাতেই মৃত্যু হয় ছয়জনৰ। আহতসকলৰ চিকিৎসা চলি আছে।
Comments