গুৱাহাটী,৭ জানুৱাৰী:কৰ'নাকালত ইমিউনিটি বা শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বঢ়োৱাৰ ক্ষেত্ৰত সকলোৱে গুৰুত্ব দিছে। ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে অতি দামী দামী খাদ্য-ঔষধ খোৱাৰ কোনো প্ৰয়োজন নাই। বৰং আমাৰ পাকঘৰতে সহজতে পোৱা যায় এনে বহু বস্তু যিয়ে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বহুখিনি বৃদ্ধি কৰিব পাৰে।ইয়াত কেইটামান খাদ্যবস্তুৰ কথা উল্লেখ কৰা হৈছে, যাক খালি পেটত খালে ইমিউনিটি বৃদ্ধিৰ লগতে স্বাস্থ্যৰো উপকাৰ হয়।
নহৰু – নহৰুৰ এন্টিবায়োটিক আৰু এন্টিবেক্টেৰিয়েল বৈশিষ্ট্য আছে। ই আপোনাক প্রাকৃতিকভাবে সংক্রমণৰ পৰা দূৰৈত ৰখাত সহায় কৰিব পাৰে। ই ৰক্তত শর্কৰাৰ মাত্রা নিয়ন্ত্রণ কৰাত, হার্টৰ স্বাস্থ্যৰ উন্নতি কৰা আৰু হাওঁফাওঁ সম্পর্কীয় অন্যান্য সমস্যাতো সহায় কৰিব পাৰে। খালি পেটত এক বা দুই কোঁহ নহৰু গৰম পানীৰ সৈতে খাওক।
আমলখি – ভিটামিন চিৰ সমৃদ্ধ উৎ হিচাবে বিবেচিত আৰু ই আপোনাৰ ৰোগ প্রতিৰোধ ক্ষমতাৰ বাবে অত্যন্ত ভাল। ইয়াক গৰম পানীৰ সৈতে বা খালি পেটতো খাব পাৰে। ইয়াৰ ৰসো খাব পাৰে। ই এন্টিঅক্সিডেন্টবোৰেৰে সমৃদ্ধ, যাক খালি পেটত খালে আভ্যন্তৰীণভাবে আমাৰ স্বাস্থ্যৰ উন্নতি কৰে। ই ছাল আৰু চুলিৰ স্বাস্থ্য ভালে ৰাখে।
খালিপেটত মৌ – মৌত প্রাকৃতিক গ্লুকোজ আৰু ফ্রুকটোজ থাকে, যাৰ দ্বাৰা আপোনাৰ ৰক্তত শর্কৰাৰ মাত্রা নিয়ন্ত্রণ হয়। সেয়ে যিসকলে ডায়েবেটিছ টাইপ-২ সমস্যাত ভুগিছে তেওঁলোকে প্রতিদিনে সীমিত পৰিমাণত মৌ ব্যৱহাৰ কৰিব পাৰে। যিসকলৰ অনিদ্রাৰ সমস্যা আছে তেওঁলোকেও মৌ খোৱা উচিত। ইয়াৰ লগতে মৌৱে হজম ক্রিয়া আৰু কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা মুক্তি দিয়াতো সহায়ক।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
Comments