গুৱাহাটী,৬ জানুৱাৰী:শীতকাল আৰু ৰন্ধনত ধনীয়া পাতৰ ব্যৱহাৰ নহ’ব- এয়া হ’বই নোৱাৰে। ধনীয়া পাতে ৰন্ধনৰ সোৱাদ, গোন্ধ আৰু অৱশ্যেই সৌন্দর্যক কেইবা গুণে বৃদ্ধি কৰে। কেৱল সিমানে নহয়, ধনীয়া পাতৰ আছে বহু গুণ। নিয়মিত ধনীয়া পাত খালে শৰীৰ সুস্থ থাকে।
ধনীয়া পাতে শৰীৰৰ কেনেধৰণে যত্ন লয়?
চকুৰ দৃষ্টিশক্তি বঢ়ায়:
ধনীয়া পাতে দৃষ্টিশক্তি বৃদ্ধিত সহায় কৰে। ভিটামিন এ সমৃদ্ধ ধনীয়ে পাত চকুৰ অন্যান্য সমস্যাতো সমানভাবে উপকাৰী।
শৰীৰত পুষ্টিৰ প্ৰদান কৰে:
মেগনেছিয়াম, কেলচিয়াম, ভিটামিন এ, চি আৰু পটাছিয়াম সমৃদ্ধ ধনীয়া পাতে শৰীৰত পুষ্টি প্রদান কৰে।
প্রতিৰোধ ক্ষমতা উন্নত কৰে:
ধনীয়া পাতত আছে ভিটামিন চি। ভিটামিন চিয়ে শৰীৰত ৰোগ প্রতিৰোধ ক্ষমতা বঢ়াই তোলে। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ বীজাণু আৰু ৰোগৰ সৈতে শৰীৰে যাতে যুঁজিব পাৰে তাৰ বাবে শৰীৰক ভিতৰৰ পৰা মজবুত আৰু শক্তিশালী কৰি তোলে।
বিপাক প্ৰক্রিয়াত সহায় কৰে:
গেছ, কোষ্ঠকাঠিন্য আৰু বদহজমৰ সমস্যাত যিসকলে ভুগি থাকে, তেওঁলোকে নিয়মিত ধনীয়া পাত খালে সমস্যাৰ পৰা মুক্তি পাব পাৰে। ইয়াৰ উপৰি হজমশক্তি উন্নত কৰাতো ধনীয়া পাতে সহায় কৰে।
এনিমিয়াৰ সমস্যাৰ পৰা স্বস্তি দিয়ে:
ধনীয়া পাতত আছে প্রচুৰ পৰিমাণে আয়ৰন। যিয়ে শৰীৰত ৰক্তৰ পৰিমাণ বৃদ্ধি কৰে। এনিমিয়া দূৰীকৰণত প্রাথমিকভাবে সহায়ক হ’ব পাৰে ধনীয়া পাত।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
Comments