গুৱাহাটী,৬ জানুৱাৰী:কেন্দ্ৰীয় চৰকাৰে মহিলাসকলৰ বিবাহৰ আইনী বয়স ১৮ ৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰাৰ ফলত হায়দৰাবাদ আৰু তেলেংগানাৰ অন্যান্য চহৰৰ মুছলমান সম্প্ৰদায়ৰ মাজত বিবাহৰ বাবে অভূতপূৰ্ব দৌৰাদৌৰি হোৱা পৰিলক্ষিত হৈছে।
যোৱা মাহত সংসদত বাল্য বিবাহ সংশোধনী বিধেয়ক ২০২১ উত্থাপন হোৱাৰ পিছৰে পৰা আৰম্ভ হোৱা আতংকৰ বাবে ৰাজ্যখনত প্ৰতিদিনে শ শ বিবাহ সম্পন্ন কৰা হৈছে।যদিও বিৰোধী দলসমূহে উত্থাপন কৰা আপত্তিৰ পিছত বিধেয়কখন নিৰ্বাচিত সমিতিলৈ প্ৰেৰণ কৰা হৈছিল, সংসদৰ পৰৱৰ্তী অধিৱেশনত বিধেয়কখনে সংসদৰ অনুমোদন লাভ কৰাৰ আশংকাই অভিভাৱকসকলক চিন্তিত কৰি তুলিছে।
এই আইনখনে তেওঁলোকৰ ছোৱালীৰ বিবাহ তিনি বছৰলৈকে পলম কৰিব বুলি আশংকা কৰি পিতৃ-মাতৃয়ে দৰা-কইনাৰ পিতৃ-মাতৃক বিবাহ কৰিবলৈ সৈমান কৰাইছে। বহুক্ষেত্ৰত, কেৱল আইনী আনুষ্ঠানিকতা সম্পূৰ্ণ কৰা হৈছে আৰু দুয়োপক্ষই মূল অনুসূচী অনুসৰি অভ্যৰ্থনা, ভালিমা আৰু অন্যান্য ৰীতি-নীতি পালন কৰিবলৈ সন্মত হৈছে।
কেইবাজনো কাজিয়ে প্ৰতিদিনে ১০-২০ খন নিকাহ সম্পন্ন কৰি আহিছে। নিকাহবোৰ কেৱল মছজিদ আৰু ফাংচন হলত নহয় ঘৰতো কৰা হৈছে। ৰাজ্যিক ৱাকফ বোৰ্ডে নিযুক্তি দিয়া কাজিসকলক আইনী আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিবলৈ এঠাইৰ পৰা আন ঠাইলৈ দৌৰি থকা দেখা পোৱা গৈছে।
নিকাহ সাধাৰণতে সন্ধিয়া মছজিদত অনুষ্ঠিত হয় কিন্তু বৃহৎ চাহিদাৰ বাবে আবেলি নিকাহো কৰা হৈছে। সাধাৰণ দিনবোৰত, মছজিদবোৰত প্ৰতিদিনে এটাৰ পৰা দুটা নিকাহ দেখা যায় কিন্তু এতিয়া এই সংখ্যা আঠ-দহলৈ বৃদ্ধি হৈছে।
কাজিছে কৈছে যে তেওঁলোকে অতীতত এনেকুৱা পৰিস্থিতি কেতিয়াও দেখা নাছিল। আনকি বিবাহৰ বতৰৰ শীৰ্ষত, তেওঁলোকে ৩-৪ খন নিকাহ সম্পনন কৰিছিল। এয়া অভূতপূৰ্ব। অভিভাৱকসকল যথেষ্ট চিন্তিত হৈ পৰিছে আৰু তেওঁলোকে বিচাৰে যে নিকাহ যিমান সম্ভৱ সোনকালে সম্পন্ন কৰা হ'ব।
অভিভাৱকসকলে ৱাকফ বোৰ্ডৰ পৰা বিবাহৰ প্ৰমাণপত্ৰ প্ৰাপ্ত কৰি সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ খৰধৰ কৰিছে,মুছলমান নেতা আৰু সংগঠনবোৰে অভিভাৱকসকলক আতংকিত নহ'বলৈ কৰা আবেদনৰ স্পষ্টতঃ বিশেষ প্ৰভাৱ পৰা নাই। অভিভাৱকসকলে আশংকা কৰে যে যদি বিধেয়কখন গৃহীত হয় তেন্তে তেওঁলোকৰ সন্তানৰ বিবাহ হয়তো বাতিল হ'ব পাৰে।
Comments