গুৱাহাটী,৬ জানুৱাৰী:ৰাজ্যসভাত সাংসদ ৰিপুন বৰা আৰু ৰাণী নৰহৰ কাৰ্যকাল চলিত বৰ্ষৰ মাৰ্চ মাহত অন্ত পৰিব । ৰাজ্য সভাৰ খালী হ'বলগীয়া এই দুখন আসনৰ ভিতৰত এখন আসন বিৰােধীক ঐক্যবদ্ধ কৰি হাতত ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে কংগ্ৰেছে । অৱশ্যে এইক্ষেত্রত কংগ্ৰেছ দল কিমান দূৰ সফল হ'ব সেয়া সময়েহে ক'ব । কাৰণ দুয়োখন আসনত জয়লাভ কৰাৰ অংক বহুদিনৰ আগতে কৰি থৈছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ।
বিৰােধী দলৰ দলপতি দেবব্রত শইকীয়াই বিৰােধী পক্ষক একত্রিত কৰি ৰাজ্য সভাৰ এখন আসন লাভ কৰাৰ বাবে আলােচনা চলােৱাৰ কথা উল্লেখ কৰাৰ সময়তে লক্ষণীয়ভাৱে মুখ্যমন্ত্রী ড° শৰ্মাই ৰাজ্যসভাৰ আসনখনৰ প্রতি কংগ্ৰেছৰ লােভ লাগিছে যদিও ৰাজ্য সভাৰ দুয়ােখন আসন পাবলৈ যি কৰিব লাগে, সেয়া আগতীয়াকৈ কৰি থােৱা হৈছে বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে ৷
উল্লেখ্য যে, অহা মার্চ মাহত কংগ্ৰেছৰ ৰাজ্য সভাৰ দুই সাংসদ ৰাণী নৰহ আৰু ৰিপুণ বৰাৰ কার্যকাল অন্ত পৰিব । বিজেপিয়ে দুয়ােখন আসন লাভ কৰাৰ অংক আগতে কৰি থােৱাৰ ফলত চেষ্টা চলালেও কংগ্ৰেছে এখনাে আসন হাতত ৰাখিব নােৱৰাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে । সংখ্যাৰ অংকত একত্রিত হ’লে মূৰামূৰিকৈ এখন আসন লাভ কৰাৰ অংক কৰি প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই বিৰােধী পক্ষক একত্রিত হ’বলৈ আহ্বান জনাইছে ।
Comments