তিনিচুকীয়া: ৭ ডিচেম্বৰ: তিনিচুকীয়া জিলা কৃষি বিভাগৰ কাৰ্য্যালয়ত আজি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন আৰু ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত জিলাখনত ৰাজসাহাৰ্য্যযুক্ত পাৱাৰটিলাৰ বিতৰন কৰা হয়। পাৱাৰটিলাৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভনী কৰে অসম চৰকাৰৰ শ্ৰম আৰু চাহ জনজাতি কল্যাণ দপ্তৰৰ মন্ত্রী তথা তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক সঞ্জয় কিষানে।
তিনিচুকীয়া জিলাৰ বাবে ১৫৩ খন পৱাৰটিলাৰ আৱণ্টন কৰা হৈছে। আজিৰ অনুষ্ঠানত ২০ গৰাকী হিতাধিকাৰীক ৰাজসাহাৰ্য্যযুক্ত পাৱাৰটিলাৰ বিতৰন কৰা হয়। বিতৰন অনুষ্ঠানত মন্ত্রী সঞ্জয় কিষানে শিক্ষিত যুৱক যুৱতীসকলক কৃষি ক্ষেত্ৰত মনোনিবেশ কৰিবলৈ আৰু বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি সমগ্ৰ ৰাজ্যখনতে এক কৃষি বিপ্লৱৰ সুচনা কৰিবলৈ আহ্বান জনায়। আনহাতে জিলাখনৰ ভিতৰুৱা অঞ্চলসমূহৰ কৃষকসকলক উৎসাহিত কৰিবৰ বাবে সংশ্লিষ্ট বিভাগক উন্নতমানৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে প্ৰয়োজনীয় দিহা-পৰামৰ্শ আৰু সহযোগিতা আগবঢ়াবলৈও পৰামৰ্শ দিয়ে।
অনুষ্ঠানত জিলা উপায়ুক্ত নৰসিং পৱাৰে দেশৰ আন ঠাইৰ তুলনাত অসমৰ মাটি বেছি সাৰুৱা আৰু উৰ্বৰ বুলি উল্লেখ কৰি কৃষকসকলক একেডোখৰ কৃষি ভূমিত একাধিক ফচল উৎপাদনৰ বাবে প্ৰচেষ্টা হাতত লবলৈ পৰামৰ্শ দিয়ে; যাতে কৃষকসকলে নিজৰ আয় দুগুণে বৃদ্ধি কৰিব পাৰে। জিলা উপায়ুক্তগৰাকীয়ে ৰাজ্য চৰকাৰে কৃষি যান্ত্ৰিকীকৰণৰ লগতে কৃষি ক্ষেত্ৰৰ উন্নয়নৰ বাবে হাতত লোৱা আচঁনিসমূহ কৃষকসকলৰ বাবে যথেষ্ট সুফলদায়ক হব বুলি উল্লেখ কৰে।
আজিৰ পাৱাৰটিলাৰ বিতৰন কাৰ্যসূচীত চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক পোনাকন বৰুৱা, কৃষি বিজ্ঞান কেন্দ্ৰৰ জেষ্ঠ গৱেষক সঞ্জয় বৰঠাকুৰ, টেঙা গৱেষণা কেন্দ্ৰৰ গৱেষক নিলীম কলিতা প্ৰমুখ্যে জিলা কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু স্থানীয় কৃষক ৰাইজ উপস্থিত আছিল।
Comments