বিলাসীপাৰা, ৮ জানুৱাৰী :-বিলাসীপাৰাত বন বিভাগৰ আকস্মিক অভিযান। মহকুমাটোৰ অতি দুৰ্গম চৰাঞ্চলত বন বিভাগ আৰু আৰক্ষীৰ যৌথ ষ্ট্ৰীং অপাৰেচনত বৃহৎ সফলতা। অভিযানত জব্দ অবৈধ বালি খনন কৰা অত্যাধুনিক মেচিন সহ কেইবাখনো ট্ৰেক্টৰ। অবৈধ মাটি খন কাৰীক বিচাৰি বিলাসীপাৰা চৰ অঞ্চলত বন বিভাগ আৰু আৰক্ষী অভিযান। যাতায়াতৰ সু ব্যবস্থা নথকা তথা বন বিভাগ আৰু আৰক্ষীৰ বাহন যাব নোৱাৰা বিলাসীপাৰাৰ চৰাঞ্চলৰ বহু স্থানত অসাধু চক্ৰই অবৈধ ভাৱে ব্ৰহ্মপুত্ৰ, গৌৰাং নৈ আদিৰ মাটি-বালি কাটি ব্যবসায় চলাই থকাৰ অভিযোগ উত্থাপন হৈছিল।
বন বিভাগ আৰু প্ৰশাসনৰ চকুত ধূলি দি দিনে নিশাই অসাধু ব্যবসায়ীয়ে খনন কাৰ্য অব্যাহত ৰখা চক্ৰক বিচাৰি শনিবাৰে পুৱাৰ ভাগতেই দুৰ্গম চৰ অঞ্চলৰ বিভিন্ন স্থানত বন বিভাগ আৰু আৰক্ষীয়ে চলায় যৌথ অপাৰেচন। বিলাসীপাৰাৰ মহকুমাধিপতি জয় শিৱাণীৰ নিৰ্দেশ মৰ্মে বন বিভাগৰ লগতে আৰক্ষী মহকুমা প্ৰশাসনে যৌথ ভাৱে দুৰ্গম চৰাঞ্চলৰ কাঠালদিত চলায় অভিযান।
গোপন সুত্ৰৰ পমখেদি চলোৱা অভিযানটোত কাঠালদি চৰত গৌৰাং নৈৰ বুকুত অত্যাধুনি মেচিন স্থাপন কৰি অবৈধভাবে বালি খনন কৰি থকা প্ৰত্যক্ষ কৰে অভিযানকাৰীৰ দলটোৱে। পিছত বালি খনন কৰা অত্যাধুনিক মেচিনটো জব্দ কৰি ৰোকাখাতা বন কাৰ্য্যালয় লৈ আহে। একেই সময়তে অভিযানকাৰীৰ দলটোৱে বিলাসীপাৰাৰ বিভিন্ন স্থানৰ পৰা জব্দ কৰে অবৈধ বালি-মাটি কঢ়িয়াই থকা কেইবাখনো ট্ৰেক্টৰ। জব্দকৃত অত্যাধুনি মেচিনটোৰ মূল্য প্ৰায় ২ লক্ষাধিক টকা হ'ব বুলি জানিব পৰা গৈছে। অবশ্যে বন বিভাগ আৰু আৰক্ষীৰ অভিযানৰ উমান পাই পলায় যাব লৈ সক্ষম হয় বালি আৰু মাটি খনন কাৰী চক্ৰৰ সদস্য।
Comments