গুৱাহাটী,৯ জানুৱাৰী: মাইগ্রেইনৰ বাবে মূৰত তীব্র যন্ত্রণা লৈ বেছি সময় কোনো কামতেই মন দিয়া সম্ভব নহয়। আনহাতে, কোনো নির্দিষ্ট চিকিৎসাও নাই, যিয়ে কমাই দিব পাৰিব মাইগ্রেন। কিন্তু জীৱনধাৰাত কিছু পৰিবর্তন আৰু স্বাস্থ্যকৰ খাদ্যই বহুখিনি সহায় কৰিব পাৰে মাইগ্রেইনৰ সৈতে যুঁজাত।
এনে কিছু খাদ্য আছে, যিয়ে মাইগ্রেইন বৃদ্ধি কৰে। তেনেদৰে আকৌ কিছু খাদ্যই মাইগ্রেইনৰ আক্রমণ কমোৱাত সহায় কৰে। এই অসুখ যেনেদৰে পৰিয়ালৰ কাৰোবাৰ থাকিলে হয়, কাৰোবাৰ আকৌ হর্মন বা স্নায়ুৰ সমস্যাৰ ফলত দেখা দিয়ে এই ৰোগ।
কেনে ধৰণৰ খাদ্য খোৱাটো এই ৰোগৰ ক্ষেত্রত ভাল?
বাদাম:
বাদামত থাকে মেগনেচিয়াম। লগত থাকে বিভিন্ন ধৰণৰ উপাদান। এই সকলো বস্তুৱেই মূৰৰ বিষ কমোৱাত সহায়। ফলত কামৰ ফাঁকে ফাঁকে মাজে-সময়ে এই স্বাস্থ্যকৰ খাদ্য খাব লাগে। কাঠবাদাম, কাজুবাদাম, আখৰোট খোৱাৰ অভ্যাস কৰিব পাৰে।
ওটছ:
ৰক্তৰ শর্কৰাৰ মাত্রা নিয়ন্ত্রণ কৰে এই খাদ্যই। ডায়েবেটিছ থাকিলে বিভিন্ন ধৰণৰ শাৰীৰিক অসুবিধা বাঢ়ি যোৱাৰ প্রবণতাই দেখা দিয়ে। ফলত ৰক্তৰ শর্কৰাৰ মাত্রা নিয়ন্ত্রণত থাকিলে মাইগ্রেনৰ বিষ কিছু পৰিমাণে নিয়ন্ত্রণত ৰখা সম্ভব হয় বুলি কয় চিকিৎসকসকলে।
পানী:
পানীয়ে বহু শাৰীৰিক সমস্যাৰ সমাধান কৰিব পাৰে। মাইগ্রেনৰ ক্ষেত্রতো সেই কথা সঁচা। নিজৰ শৰীৰত পানীৰ মাত্রা যথেষ্ট পৰিমাণে ৰখাটো প্রয়োজন। দিনত ৮-১০ গিলাচ পানী খালে এই অসুখ বহুখিনি নিয়ন্ত্রণত ৰখা সম্ভব।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
Comments