গুৱাহাটী,৯ জানুৱাৰী:যিকোনো খাদ্যতে অন্য মাত্রা আনি দিবলৈ সক্ষম ঘিউ। প্রাচীন আয়ুর্বেদৰ বিভিন্ন ধৰণৰ পথ্যৰ ভিতৰত ঘিউ অন্যতম এটি পথ্য, যাৰ বিভিন্ন ধৰণৰ উপকাৰ আছে।
কিন্তু আপুনি জানেনে পুৱা উঠি খালী পেটত গৰম পানীৰ সৈতে ঘিউ খালে বিভিন্ন ধৰণৰ উপকাৰ হ’ব পাৰে। খালী পেটত ঘিউ আৰু গৰম পানী একেলগে খোৱাৰ অভ্যাস কৰিলে শৰীৰৰ বিভিন্ন ৰোগ দূৰ হয় বুলি আয়ুর্বেদ চিকিৎসকসকলে কয়।
ঘিঁউত থকা এন্টিঅক্সিডেন্টে শৰীৰক বিভিন্ন ধৰণৰ ৰোগৰ প্রকোপৰ পৰা ৰক্ষা কৰে। কিন্তু মনত ৰাখিব লাগিব পুৱা উঠি ঘিউ খোৱাৰ পিছত ৩০ মিনিট একো খাব নালাগে।ঘিউত আছে স্বাভাবিক এমিনো এচিড।
ই অস্বাভাবিক পেটৰ চর্বি কমোৱাত সহায় কৰে। ওমেগা থ্রি, ওমেগা ফেটি এচিড থকাৰ কাৰণে অপ্রয়োজনীয় শৰীৰৰ ফেটৰ সহায় কমে। সেয়ে খালী পেটত ঘিউ খালে যিসকলে ওজন কমাব বিচাৰে তেওঁলোকৰ বহু উপকাৰ হ’ব পাৰে।
ঘিউৱে বেয়া কলেষ্টেৰল কমাই ফেট কমাব আৰু শৰীৰ সুস্থ হ’ব। খালী পেটত ঘিউ খালে মস্তিষ্কৰ ক্ৰিয়া যথেষ্ট বাঢ়ে। ফেটে মস্তিষ্কৰ বিভিন্ন অংশৰ কাম সঠিকভাবে কৰিবলৈ সহায় কৰে। ফেটৰ সকলোতকৈ ভাল উৎস হ’ল ঘিউ।
ইয়াৰ উপৰি ঘিউত থকা বিভিন্ন ধৰণৰ প্রোটিনে মস্তিষ্কত যথেষ্ট পৰিমাণৰ প্রোটিন উপলব্ধ কৰাই উন্নততৰ কাম কৰাত সহায় কৰাৰ উপৰি স্মৰণ শক্তি বৃদ্ধিত সহায় কৰে। শৰীৰত অস্টিওপোৰোচিছৰ দৰে ৰোগ কমোৱাত সহায় কৰে।
কোৱা হয় যে এবিধ লিকুইডে বিভিন্ন হাড়ৰ গাঁঠিত স্বাভাবিক লুব্রিকেন্ট হিচাবে কাম কৰে। খালী পেটত ঘিউ খালে এই লুব্রিকেন্ট সৃষ্টি হয় আৰু যাৰ ফলত গাঁঠিৰ বিভিন্ন ধৰণৰ সমস্যা দূৰ হয়। অত্যধিক পৰিমাণত বৃদ্ধি হৈ থকা কেলচিয়াম নিয়ন্ত্রণ কৰাতো ঘিউৱে সহায় কৰে।
ইয়াৰ উপৰি সমগ্ৰ শৰীৰত ৰক্ত সঞ্চালনত ঘিউৱে বিশেষ সহায় কৰে। পুৱা যদি খালী পেটত ঘিউ খাই দিনটো আৰম্ভ কৰে তেতিয়াহ’লে আপোনাৰ সমগ্ৰ শৰীৰত গোটেই দিনটো ৰক্ত সঞ্চালনত বিশেষ সুবিধা হ’ব। ই শৰীৰৰ বিভিন্ন কোষত ফ্রিৰেডিকেলবোৰ কমোৱাত সহায় কৰে আৰু সঠিক ৰক্ত সঞ্চালনত আপূনি বহু সুস্থ অনুভৱ কৰিব।
বিঃদ্রঃ- এই নিবন্ধটোৰ তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত আৰু প্ৰাথমিক জ্ঞান হিচাপে পঢ়ুৱৈলৈ আগবঢ়োৱা হৈছে। বিশদভাৱে জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ ল'ব।
Comments