গুৱাহাটী, ১০ জানুৱাৰীঃ 'বিগ বছ ১৫'ৰ শেহতীয়া প্ৰ'ম'টোৱে নিশ্চিতভাৱে ঘোষণা কৰিছে যে অনুষ্ঠানটো দুসপ্তাহৰ বাবে সম্প্ৰসাৰিত কৰা হ'ব। প্ৰ'ম' ভিডিঅ'টোত, সঞ্চালক ছলমান খানে বিগ বছৰ সকলো প্ৰতিযোগীক জনায় যে, "টিকট টু ফিনালে অব্যাহত থাকিব আৰু অনুষ্ঠানটো দুসপ্তাহৰ বাবে সম্প্ৰসাৰিত কৰা হ'ব। সেয়েহে, 'বিগ বছ ১৫'-ৰ গ্ৰেণ্ড ফিনালে জানুৱাৰীৰ শেষৰ ফালে অনুষ্ঠিত হ'ব।"
ইয়াৰ পূর্বে ১৬ জানুৱাৰীত সমাপ্ত হ'ব বুলি আশা কৰা বাস্তৱধৰ্মী অনুষ্ঠানটো এতিয়া নিৰ্মাতাসকলে দুসপ্তাহৰ বাবে সম্প্ৰসাৰিত কৰাৰ আনুষ্ঠানিক ঘোষণা কৰাৰ পিছতছে ই জানুৱাৰী মাহৰ শেষলৈকে অব্যাহত থাকিব।
ইফালে, কেইজনমান ৱাইল্ড কাৰ্ড প্ৰতিযোগীয়ে ঘৰত প্ৰৱেশ কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে। বিশাল ক'টিয়ান আৰু ৰাজীৱ আদাতিয়াই ৱাইল্ড কাৰ্ড প্ৰতিযোগী হিচাপে প্ৰৱেশ কৰাৰ কথা আছিল কিন্তু বিশালে ক'ভিড পজিটিভ হোৱাৰ বাবে প্ৰৱেশত বিলম্ব ঘটিছে। ৰাজীৱেও অলম সময়ৰ পিছতে প্ৰৱেশ কৰিব বুলি জানিব পৰা গৈছে। সূত্ৰ অনুসৰি, ছিম্বা নাগপালকো ইয়াৰ বাব যোগাযোগ কৰা হৈছিল কিন্তু তেওঁ ৱাইল্ড কাৰ্ড প্ৰতিযোগী হিচাপে পুনৰ অনুষ্ঠানটোত প্ৰৱেশ কৰিবলৈ আগ্ৰহী নাছিল।
'উইকেণ্ড কা ৱাৰ'ৰ সময়ত, উমাৰ ৰিয়াজক বাহিৰ কৰা হৈছিল। কেইবাজনো চেলিব্ৰিটিয়ে ঘৰৰ লোকসকলক সমৰ্থন কৰিবলৈ অনুষ্ঠানটোত প্ৰৱেশ কৰিছিল, যেনে দিব্যা আগৰৱালা, কাশমেৰা শ্বাহ, ৰাহুল মহাজন, গীতা কাপুৰ, দেৱিনা বনাৰ্জী আৰু বিশাল সিং।
Comments